অসম

assam

ETV Bharat / bharat

অচিৰেই শিশুৰ বাবে উপলব্ধ হ'ব Zydus Cadilaৰ ক'ভিড প্ৰতিষেধক - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে

ক'ভিড-১৯ৰ সম্ভাৱ্য তৃতীয় ঢৌৰ পূৰ্বে শিশুসকলৰ বাবে ক'ভিড-১৯ প্ৰতিষেধক(Covid-19 vaccine) উপলব্ধ হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছে কেন্দ্ৰই । শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত কেন্দ্ৰই উল্লেখ কৰিছে যে, জাইডাছ কেডিলা(Zydus Cadila)ই নিৰ্মাণ কৰা ক'ভিড-১৯ প্ৰতিষেধক অচিৰেই শিশুৰ বাবে উপলব্ধ হ'ব ভাৰতত । ইতিমধ্যে, কেডিলাই ১২-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে পৰীক্ষণ সমাপ্ত কৰিছে ।

Zydus Cadila's COVID vaccines for children may be available in near future
অচিৰেই শিশুৰ বাবে Zydus Cadilaৰ ক'ভিড প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনা

By

Published : Jul 16, 2021, 10:44 PM IST

নেশ্যনেল ডেস্ক, ১৬ জুলাই: ক'ভিড-১৯ৰ সংক্ৰমণ অব্যাহত আছে যদিও ১৮ বছৰৰ উৰ্ধ্বৰ লোকৰ টীকাকৰণ অব্যাহত থকা বাবে বিপদাশংকা কিছু হ'লেও হ্ৰাস পাইছে । কিন্তু শিশুসকলৰ বাবে প্ৰতিষেধক এতিয়াও মুকলি কৰা হোৱা নাই । সেয়ে, শিশুসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে মহামাৰীয়ে । আনহাতে, ক'ভিড-১৯ৰ সম্ভাৱ্য তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সম্ভাৱনাও প্ৰকট কৰিছে চিকিৎসা বিজ্ঞানীসকলে ।

এনে এক সংকটজনক পৰিস্থিতিৰ মাজতে শুকুৰবাৰে কেন্দ্ৰই এক আশাৰ ৰেঙণি দেখুৱাইছে । শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে উল্লেখ কৰিছে যে, জাইডাছ কেডিলা(Zydus Cadila)ই নিৰ্মাণ কৰা ক'ভিড-১৯ প্ৰতিষেধক অচিৰেই শিশুৰ বাবে উপলব্ধ হ'ব ভাৰতত । ইতিমধ্যে, কেডিলাই ১২-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবে পৰীক্ষণ সমাপ্ত কৰিছে । আহমেদাবাদস্থিত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে যোৱা ১ জুলাইত জাইক'ভ-ডি(ZyCoV-D) প্ৰতিষেধকৰ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাবলৈ অনুৰোধ জনাইছিল ।

ইয়াৰ তিনি পালি ক'ভিড শ্বট বিশ্বৰ প্ৰথম প্লাছমিড ডিএনএ প্ৰতিষেধক । শপতনামাখনত উল্লেখ কৰা হৈছে যে, টীকাকৰণ সম্পন্ন কৰাতো কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ কাম আৰু প্ৰতিষেধকৰ পালিৰ উপলব্ধতাৰ কথা লক্ষ্য ৰাখি কম সময়তে ১০০ শতাংশ টীকাকৰণ সম্পন্ন কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে । যোৱা ১২ মে'ত ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলে(Drugs Controller General of India) ভাৰত বায়'টেক(Bharat Biotech)ক ক'ভাক্সিনৰ বাবে ২ৰ পৰা ১৮ বছৰ বয়সৰ স্বাস্থ্যৱান স্বেচ্ছাসেৱকৰ ওপৰত নিদানিক পৰীক্ষণ কৰাৰ অনুমতি দিছিল ।

কিশোৰী টিয়া গুপ্তাই ২-১৮ বছৰ বয়সৰ শিশু তথা কিশোৰ-কিশোৰীক তাৎক্ষণিকভাৱে প্ৰতিষেধক প্ৰদান কৰাৰ বাবে আহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানিৰ সময়ত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিল্লী উচ্চ ন্যায়ালয়ত প্ৰতিষেধক উপলব্ধ হোৱাৰ সম্ভাৱনীয়তাৰ বাবে আহ্বান জনায় । আনহাতে, বিগত দিনবোৰত দেশৰ কেইবাখনো ৰাজ্যত ক'ভিড-১৯ত শিশু আক্ৰান্ত হোৱাৰ ঘটনা বৃদ্ধি পাইছে । সেয়ে, প্ৰতিষেধক এতিয়াও উপলব্ধ নোহোৱাক লৈ চিন্তাৰ উদ্ৰেক হৈছে । জাইডাছ কেডিলাৰ প্ৰতিষেধক শীঘ্ৰে উপলব্ধ হ'লে মহামাৰীৰ ভয়াৱহতাৰ পৰা শিশুসকল ৰক্ষা পৰিব বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক:প্ৰকৃতিৰ ৰম্যভূমি বামচাৰু তাল

ABOUT THE AUTHOR

...view details