নেশ্যনেল ডেস্ক, ২১ আগষ্ট :দেশবাসীৰ বাবে ভাল খবৰ । আন এক কৰ'ণাৰ প্ৰতিষেধকে লাভ কৰিছে অনুমোদন । ভাৰতৰ ঔষধ নিয়ন্ত্ৰক জেনেৰেলে (Drug Controller General of India) দিছে জৰুৰীকালীন ব্যৱহাৰৰ অনুমোদন ।
এই নতুন প্ৰতিষেধকটো হৈছে জাইডাছ কেডিলাই (Zydus Cadila) নিৰ্মাণ কৰা জাইকোভি-ডি (ZyCoV-D) । ভাৰতত নিৰ্মাণ হোৱা এই জাইকোভি-ডি প্ৰতিষেধক ১২ বছৰ বা তাৰ উৰ্ধৰ বয়সৰ লোকক প্ৰদান কৰিব পৰা যাব । বায়'টেকন'ল'জি বিভাগে (Department of Biotechnology) শুকুৰবাৰে এই কথা সদৰি কৰি কয় যে এই প্ৰতিষেধক হৈছে বিশ্বৰ প্ৰথম ডিএনএ-আধাৰিত প্ৰতিষেধক (DNA-based vaccine) ।
জাইকোভি-ডিৰ তিনি পালি লোৱাৰ সময়ত ই শৰীৰত ভাইৰাছৰ স্পাইক প্ৰ'টিন প্ৰস্তুত কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব । ক'ভিডৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰাৰ লগতে ভাইৰেল ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব । চৰকাৰৰ বায়'টেকন'ল'জি বিভাগে লগতে কয় যে প্ৰতিষেধকটোৰ 'প্লাগ-এণ্ড-প্লে' প্ৰযুক্তিয়ে সঘনাই পৰিৱৰ্তন হোৱা ভাইৰাছৰ ধৰণৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হ'ব ।