নেশ্যনেল ডেস্ক,4 জানুৱাৰী: ক’ভিড 19ৰ ভেকচিন জাইকোভ-ডিৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ সন্মতি প্ৰদান কৰিছে ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াই ৷ এই ঔষধটো প্ৰস্তুত কৰি উলিয়াইছে আহমেদাবাদৰ ঔষধ নিৰ্মানকাৰী প্ৰতিষ্ঠান জাইদাছ কেছিলাই ৷
ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয়ে দেওবাৰে এক বিবৃতিত কয়, "ক’ভিড 19ৰ বাবে দেশৰ প্ৰথমটো দেশীয়ভাৱে প্ৰস্তুত কৰি উলিওৱা ডিএনএ ভেকচিন জাইকোভ-ডিৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ বাবে সন্মতি প্ৰদান কৰিছে ড্ৰাগছ কন্ট্ৰ’লাৰ জেনেৰেল অব ইণ্ডিয়াই ৷" মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে দেশত প্ৰায় 1000 গৰাকী স্বেচ্ছাসেৱীৰ দেহত জাইকোভ-ডিৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ পৰীক্ষণ সম্পূৰ্ণ কৰা হৈছে আৰু ইয়াৰ অন্তৰ্ৱৰ্তী তথ্যই এই ভেকচিন সম্পূৰ্ণ সুৰক্ষিত বুলি প্ৰমাণ কৰিছে ৷