নেশ্যনেল ডেস্ক,২৪ মাৰ্চ:ম্যানমাৰৰ শৰণাৰ্থীক উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিতাড়িত কৰাৰ সন্দৰ্ভত দেশৰ গৃহ মন্ত্ৰালয়ে পত্ৰ প্ৰেৰণ কৰাৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰিছে মিজোৰাম । মঙলবাৰে জ' ৰিইউনিফিকেশ্বন সংস্থায়েও (জোৰো) গৃহ মন্ত্ৰালয়ৰ পত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
শৰণাৰ্থীসকলক তাৎক্ষণিকভাৱে বিতাড়ন কৰাৰ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অৰুণাচল প্ৰদেশৰ মুখ্য সচিব আৰু অসম ৰাইফলছৰ ডিজিলৈ প্ৰেৰণ কৰা পত্ৰখন জ্বলাই দি প্ৰতিবাদ সাব্যস্ত কৰে জোৰোৱে । হাতে হাতে ভিন্ন চৰকাৰ বিৰোধী প্লে’কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে প্ৰতিবাদকাৰীসকলে ।