নেশ্যনেল ডেস্ক,১৯ ফেব্ৰুৱাৰী :অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ ভগ্নী তথা ৱাইএছআৰ তেলেংগানা পাৰ্টীৰ সভানেত্ৰী ৱাই এছ শৰ্মিলাক গ্ৰেপ্তাৰ (YSRTP president YS Sharmila arrested)। তেলেংগানাৰ মহাবুবাবাদৰ বেটহোলত তেওঁৰ এক পদযাত্ৰাক লৈ বিতৰ্ক চলি থকাৰ মাজতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নেত্ৰীগৰাকীক । নেত্ৰীগৰাকীক প্ৰতিৰোধমূলক জিম্মাত লোৱা হৈছে আৰু হায়দৰাবাদলৈ স্থানান্তৰ কৰা হৈছে । সমগ্ৰ বিষয়টোক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে শৰ্মিলাৰ পদযাত্ৰাৰ এক কাৰ্যসূচীক লৈ শাসকীয় দল ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিএছআৰ) কৰ্মীসকলে বেটহোলত হুলস্থূলৰ সৃষ্টি কৰে । বিআৰএছ কৰ্মীসকলে একপ্ৰকাৰ সন্ত্ৰাস চলাই আৰু ৱাইএছআৰ তেলেংগানা পাৰ্টীৰ (YSRTP) কাট-আউট আৰু ফ্লেক্সবোৰ নষ্ট কৰে ।
ইয়াৰ পাছতে, বিআৰএছ আৰু ৱাইএছআৰটিপিৰ কৰ্মী তথা সমৰ্থকৰ মাজত তীব্ৰ সংঘৰ্ষ আৰম্ভ হয় (BRS and YSRTP worker conflict)। লগে লগে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হয় । যাৰ পৰিণতিত সংঘৰ্ষ প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে শৰ্মিলাক গ্ৰেপ্তাৰ কৰি ৰাজধানী চহৰলৈ লৈ যায় ।
জানিব পৰা মতে ৱাইএছআৰ তেলেংগানা পাৰ্টীৰ সভানেত্ৰী ৱাই এছ শৰ্মিলাক পদযাত্ৰাৰ বাবে অনুমতি দিয়া নাছিল (YS Sharmila rally at Telangana)। তাৰ পাছতে ৱাইএছআৰটিপিৰ সভানেত্ৰীগৰাকীয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰে । বিষয়াসকলে অভিযোগ কৰা মতে পদযাত্ৰাৰ অনুমতি নিদিয়াৰ বাবেই সংঘৰ্ষটোৰ সূত্ৰপাত হৈছে ।