নিউজ ডেস্ক, ৩ নৱেম্বৰ :পাঁচখন ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া আগন্তুক নিৰ্বাচনৰ ভিতৰত তেলেংগানাও এখন । তেলেংগানা নিৰ্বাচনৰ অধিসূচনা শুকুৰবাৰে জাৰি কৰে নিৰ্বাচন আয়োগে । অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন । তাৰ মাজতে ৱাইএছআৰ তেলেংগানা পাৰ্টীৰ সভাপতি ৱাইএছ শৰ্মিলা ৰেড্ডীয়ে শুকুৰবাৰে ঘোষণা কৰে যে তেওঁৰ দল ৱাইএছআৰ তেলেংগানা পাৰ্টীয়ে (ৱাইএছআৰটিপি) ৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া এই বছৰৰ তেলেংগানা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে । লগতে ঘোষণা কৰে যে তেওঁৰ দলে এই নিৰ্বাচনত কংগ্ৰেছ দলক সমৰ্থন কৰিব ।
"আমি কংগ্ৰেছ দলক সমৰ্থন কৰিছোঁ ।" ৱাইএছআৰটিপিৰ মুৰব্বী শৰ্মিলাই এক সংবাদমেল সম্বোধন কৰি এই কথা কয় । উল্লেখ্য যে তেওঁ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো এনে এটা দিনত লৈছে, যিটো দিনত ভাৰতৰ নিৰ্বাচন আয়োগে তেলেংগানাত ৩০ নৱেম্বৰৰ নিৰ্বাচনৰ বাবে অধিসূচনা তথা সময়সূচী ঘোষণা কৰিছে । আনহাতে, তেওঁ কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিছে সেই বিষয়ে ব্যাখ্যা কৰি ৱাই এছ শৰ্মিলাই কয় যে কংগ্ৰেছৰ বাবে এই নিৰ্বাচনত জয়ী হোৱাৰ সুযোগ আছে আৰু তেওঁলোকৰ দলটোৰ উক্ত সম্ভাৱনাত ক্ষতি কৰাৰ কোনো অভিপ্ৰায় নাই ।
শৰ্মিলা ৰেড্ডীয়ে লগতে কয় যে যেতিয়া চৰকাৰ সলনি কৰাৰ সুযোগ থাকে, তেতিয়া তাত বাধা সৃষ্টি কৰাটো সঠিক নহয় । তেওঁ কয় যে তেওঁলোকৰ দলে কংগ্ৰেছক 'কেচিআৰৰ দুৰ্নীতিগ্ৰস্ত শাসন' বুলি যি প্ৰচাৰ চলাই আছে তাত সমৰ্থন আগবঢ়াব । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত এই কাৰণেই লোৱা হৈছে যাতে ক্ষমতাবিৰোধী ভোট প্ৰতিহত কৰিব পৰা যায় । অন্যথা কেচিআৰ নেতৃত্বাধীন ভাৰত ৰাষ্ট্ৰ সমিতি (বিআৰএছ) লাভান্বিত হ'ব ।