অসম

assam

ETV Bharat / bharat

তিৰুপতি লোকসভা উপ-নিৰ্বাচনত ৱাইএছআৰচিপি প্ৰাৰ্থীৰ অগ্ৰগতি - MADDILA GURUMOORTHY

তিৰুপতি লোকসভা উপ-নিৰ্বাচনত যথেষ্ট ভোটত আগবাঢ়ি আছে শাসনাধিষ্ঠ ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিৰ প্ৰাৰ্থী মাড্ডিলা গুৰুমূৰ্তি । শেহতীয়া ৰাউণ্ডৰ গণনাৰ পিছত ৱাইএছআৰচিপিয়ে ১,৮৯,১৭৪ টা ভোট লাভ কৰিছে আনহাতে টিডিপি প্ৰাৰ্থী পানাবাকা লক্ষ্মীয়ে ১,০৭,৩২১ টা ভোট লাভ কৰিছে আৰু তাৰ পিছত বিজেপি প্ৰাৰ্থী ৰত্নপ্ৰভায়ে ১৮,২৯৬ টা ভোট লাভ কৰিছে । কংগ্ৰেছ প্ৰাৰ্থী চিন্তা মোহন ৩,০১১ টা ভোট লাভ কৰি যথেষ্ট পিছ পৰি আছে ।

MADDILA GURUMOORTHY
ৱাইএছআৰচিপি প্ৰাৰ্থীৰ অগ্ৰগতি

By

Published : May 2, 2021, 8:06 PM IST

নেশ্যনেল ডেস্ক,২ মে':অন্ধ্ৰ প্ৰদেশৰ শাসনাধিষ্ঠ ৱাইএছআৰ কংগ্ৰেছ পাৰ্টিয়ে (ৱাইএছআৰচিপি) তিৰুপতি লোকসভা উপ-নিৰ্বাচনত আগবাঢ়ি আছে । দলটোৰ প্ৰাৰ্থী গুৰুমূৰ্তিয়ে টিডিপিৰ প্ৰতিদ্বন্দীতকৈ ৮০ হাজাৰতকৈও অধিক ভোটত আগবাঢ়ি আছে ।

তিৰুপতিৰ এছ.ভি. বিশ্ববিদ্যালয় চৌহদৰ দহটা হল আৰু ডি.কে.ডব্লিউ. মহাবিদ্যালয়ৰ সাতটা হলত কঠোৰ ক'ভিড প্ৰট'কলৰ মাজত চলি থকা ভোটগণনা ২৫ ৰাউণ্ডলৈ চলিব । এছ চি সংৰক্ষিত লোকসভা সমষ্টিটোৰ অন্তৰ্গত তিৰুপতি, সত্যভেদু, তিৰুপতি জিলাৰ শ্ৰীকলাহস্তি, নেল্লোৰ জিলাৰ গুডুৰ, সৰ্বপল্লী আৰু চুল্লুৰপেটা সমষ্টিত প্ৰায় ১৭.১ লাখ ভোটাৰ আছে ।

শেহতীয়া ৰাউণ্ডৰ গণনাৰ পিছত ৱাইএছআৰচিপিয়ে ১,৮৯,১৭৪ টা ভোট লাভ কৰিছে আনহাতে টিডিপি প্ৰাৰ্থী পানাবাকা লক্ষ্মীয়ে ১,০৭,৩২১ টা ভোট লাভ কৰিছে আৰু তাৰ পিছত বিজেপি প্ৰাৰ্থী ৰত্নপ্ৰভায়ে ১৮,২৯৬ টা ভোট লাভ কৰিছে । কংগ্ৰেছ প্ৰাৰ্থী চিন্তা মোহন ৩,০১১ টা ভোট লাভ কৰি যথেষ্ট পিছ পৰি আছে ।

উল্লেখ্য যে ২০২০ চনৰ ছেপ্টেম্বৰত ৱাইএছআৰচিপিৰ সাংসদ বালি দুৰ্গাপ্ৰসাদৰ মৃত্যুৰ বাবে তিৰুপতি লোকসভা উপ-নিৰ্বাচন আয়োজন কৰিবলগীয়া হৈছিল । উপ-নিৰ্বাচনৰ ভোটদান ১৭ এপ্ৰিলত অনুষ্ঠিত হৈছিল আৰু সামগ্ৰিক ভোটদান হৈছিল ৬৪ শতাংশ ।

লগতে পঢ়ক:মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতক টাইৱানৰ সহায়

ABOUT THE AUTHOR

...view details