নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ: গুগলৰ মালিকানাধীন ইউটিউবৰ বৃহস্পতিবাৰে পুৱা ভাৰতকে ধৰি বিভিন্ন দেশত লোকচান হৈছে। লোডিঙৰ সমস্যাৰ বাবে উপভোক্তাই চাব পৰা নাই ইউটিউবৰ ভিডিঅ'। ডাউন ডিটেক্টৰ ৱেবছাইটে প্ৰকাশ কৰিছে যে, বহু সংখ্যক উপভোক্তাই ইউটিউবৰ ব্যৱহাৰত সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অভিযোগ কৰিছে । টুইটযোগে একাংশ উপভোক্তাই অভিযোগ তোলে যে ইউটিউবে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে কোনো ব্য়ৱস্থা গ্ৰহণ কৰা নাই ।
উপভোক্তাৰ টুইটৰ প্ৰতিক্ৰিয়াত সমস্যাৰ গম্ভীৰতাৰ দিশত ইংগিত দি ইউটিউবে কয় যে 'এতিয়া ভিডিঅ' চোৱাত অসুবিধা পোৱা উপভোক্তা কেৱল আপুনি অকলে নহয়। আমি এই বিষয়ে অৱগত আৰু সমস্যা সমাধানৰ বাবে কাম কৰি আছো।'শেহতীয়া আপডেট জনোৱা হ'ব বুলিও ইউটিউবে টুইটযোগে প্ৰকাশ কৰে। এই সমস্যাই গুগল টিভিৰ জৰিয়তে উপভোক্তাই ক্ৰয় কৰা ইউটিউব টিভি, ছবি আৰু টেলিভিছন শ্ব'তো প্ৰভাৱ পেলাইছে ।