নেশ্যনেল ডেস্ক, ২১ জুলাই: ইউ টিউবে(You tube) নিজৰ প্লেটফৰ্মত সংলগ্ন কৰিছে 'ছুপাৰ থেংকছ'(Super Thanks)ৰ সুবিধা । বুধবাৰে ইউ টিউবে জনাইছে যে, এই নতুন সুবিধাটোৰ জৰিয়তে ইউ টিউবাৰসকলে অধিক ধন উপাৰ্জন কৰাত সহায়ক হ'ব । এতিয়াৰে পৰা ইউটিউব ভিডিঅ' চোৱা অনুৰাগীসকলে ভাল লগা ইউ টিউবাৰ তথা শ্ব'লৈ সমৰ্থন প্ৰদৰ্শন কৰিবলৈ অধিক বিকল্প লাভ কৰিব । 'ছুপাৰ থেংকছ'(Super Thanks)ৰ সুবিধাৰ বাবদ নিৰ্ধাৰিত মূল্য পৰিশোধ কৰি এনিমেটেড জি আই এফ প্ৰেৰণ কৰাৰ সুবিধা পাব ।
লগতে অতিৰিক্ত বনাচ হিচাপে এক পৃথক মন্তব্য কৰাৰ সুযোগ পাব, যি সহজেই ইউ টিউবাৰৰ দৃষ্টিগোচৰ হ'ব । এনে মন্তব্যৰ প্ৰতি ইউ টিউবাৰে সঁহাৰিও দিব পাৰে । 'ছুপাৰ থেংকছ' বৰ্তমান ২ মাৰ্কিন ডলাৰৰ পৰা ৫০ মাৰ্কিন ডলাৰলৈকে চাৰিটা মূল্যত উপলব্ধ হ'ব বুলি ইউ টিউবে জানিবলৈ দিছে । কিছুদিন পূৰ্বে এই সুবিধাৰ ওপৰত বিটা পৰীক্ষা চলোৱা হৈছিল ।
এতিয়া হাজাৰ হাজাৰ মুদ্ৰাকৰণ ইউ টিউবাৰৰ বাবে এই সুবিধা উপলব্ধ হ'ব । ইউ টিউবে এক বিবৃতিযোগে জনোৱা মতে, ৬৮ খন দেশৰ ইউ টিউবাৰ আৰু দৰ্শকৰ বাবে ডেস্কটপ আৰু মোবাইল ফোনত উপলব্ধ হৈছে । ইউ টিউবাৰসকলে নিৰ্দেশনা মানি তেওঁলোকৰ আগতীয়া প্ৰৱেশাধিকাৰ আছে নে নাই সেয়া পৰীক্ষা কৰিব পাৰিব ।