অসম

assam

By

Published : Oct 16, 2022, 4:00 PM IST

ETV Bharat / bharat

Brutal Incident in West Bengal: চলন্ত ৰেলৰ পৰা গতিয়ালে সহযাত্ৰীক

বীৰভূমৰ ৰামপুৰহাটত অমানুষিক ঘটনা (Birbhum brutal case) ৷ সহযাত্ৰীক গতিয়াই দিলে চলন্ত ৰেলৰ পৰা ৷ হাওৰা-মালদা টাউন ইন্টাৰচিটি এক্সপ্ৰেছত সংঘটিত হৈছে এই নৃশংস ঘটনা (Howrah Malda Town Intercity Express) ৷

youth-pushed-from-a-moving-train-by-co-passenger-in-howrah-malda-intercity-express-near-rampurhat
Brutal incident in West Bengal: চলন্ত ৰেলৰ পৰা গতিয়ালে সহযাত্ৰীক

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ :দেশত পুনৰ সংঘটিত হৈছে মানৱতাক ভুলুণ্ঠিত কৰা এক ঘটনা ৷ যি ঘটনাৰ দৃশ্যাংশই শিহৰিত কৰি তুলিব যিকোনো বিবেকবান ব্যক্তিৰ মন-মগজু ৷

Brutal incident in West Bengal: চলন্ত ৰেলৰ পৰা গতিয়ালে সহযাত্ৰীক

পশ্চিমবংগৰ বীৰভূম জিলাৰ ৰামপুৰহাটৰ শেহতীয়া এক ঘটনা(Birbhum brutal case) ৷ এখন ৰেলত দুগৰাকী যাত্ৰী ৷ চলন্ত অৱস্থাত থকা ৰেলখনত হতাহতিৰ সৃষ্টি হৈছে দুগৰাকী লোকৰ মাজত ৷ কিছুসময় সংঘৰ্ষ অব্যাহত থকাৰ পাছতে হঠাতে এগৰাকী যাত্ৰীক আনগৰাকী যাত্ৰীয়ে গতিয়াই পেলাই দিয়ে চলন্ত ৰেলখনৰ পৰা(Youth pushed from a moving Train by Co Passenger)৷ যি দৃশ্যই অন্তৰাত্মা কপাঁই তুলিছে প্ৰতিগৰাকী সচেতন ব্যক্তিৰ ৷

হতাহতিৰ কাৰণ এই পৰ্যন্ত স্পষ্ট হোৱা নাই যদিও এগৰাকী মূক-বধিৰ যাত্ৰীয়ে নৃশংস ঘটনাৰ সমগ্ৰ দৃশ্যটো মোবাইলত আৱদ্ধ কৰে বুলি বিস্বস্ত সূত্ৰে জানিবলৈ পোৱা গৈছে ৷ নৃশংস ঘটনাটো নিজ হাতেৰে সংঘটিত কৰাৰ পাছতো সম্পূৰ্ণ নিস্ক্ৰিয় অৱস্থাত প্ৰত্যক্ষ কৰিবলৈ পোৱা গৈছিল লোকজনক ৷ আনকি ঘটনা সংঘটিত কৰি নিৰুদ্বেগভাবে অদৃশ্যজনক স্মৰণ কৰি সেৱা জনোৱা পৰিলক্ষিত হৈছিল পাষাণ হৃদয়ৰ লোকজনক ৷

ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে ৰেল লাইনৰ সীমাৰ পৰা ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয় যুৱকজনক(Young man was rescued in a Bloody Condition) । বৰ্তমান দুৰ্ঘটনাগ্ৰস্থ লোকজনৰ শাৰিৰীক অৱস্থা জটিল বুলি জানিবলৈ পোৱা গৈছে ৷ সংকটজনক অৱস্থাত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে লোকজন (Critical health condition of injured guy)৷

হাওৰা-মালদা টাউন ইন্টাৰচিটি এক্সপ্ৰেছত সংঘটিত হৈছে এই নৃশংস ঘটনা (Howrah Malda Town Intercity Express)। এগৰাকী মূক-বধিৰ যাত্ৰীয়ে নৃশংস ঘটনাৰ সমগ্ৰ দৃশ্যটো মোবাইলত আৱদ্ধ কৰাৰ ফলতে অমানুষিক কাণ্ডটো পোহৰলৈ আহে । উল্লেখ্য যে, তৰাপীঠ ৰোড আৰু ৰামপুৰহাট ৰেলৱে ষ্টেচনৰ মাজত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটি । মূকবধিৰ যাত্ৰীসকলে তৎপৰতাৰে ঘটনা সন্দৰ্ভত মুৰাই থানাত অৱগত কৰে আৰু আৰক্ষীৰ উদ্যোগত আঘাতপ্ৰাপ্ত যুৱকজনক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

সামাজিক মাধ্যমত বিশেষ চৰ্চা লভা পৰিলক্ষিত হৈছে নৃশংস দৃশ্যাংশৰ ভিডিঅ'ই ৷

লগতে পঢ়ক:Rohit Sharma vs Virat Kohli : ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমে প্ৰাণ কাঢ়িলে এজনৰ

ABOUT THE AUTHOR

...view details