নিউজ ডেস্ক, 28 জুন:ৰাজস্থানৰ উদয়পুৰত মঙলবাৰে দিন-দুপৰতে হত্যা কৰা হ’ল এজন যুৱকক (Youth Murdered in Udaipur City) ৷ মালদাস ষ্ট্ৰীট চহৰৰ মাজ-মজিয়াতে হত্যা কৰা হয় যুৱকজনক ৷ বিজেপিৰ পূৰ্বৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাৰ সপক্ষে ফেচবুকত এটা পোষ্ট আপলোড কৰিছিল ৷ হত্যাৰ পাচতে সেই স্থানত যথেষ্ট সংখ্যক ব্যৱসায়ী উপস্থিত হয় আৰু তীব্ৰ ক্ষোভ প্ৰকাশ কৰে (Anger Among Udaipur Businessmen) ৷ এই হত্যাকাণ্ডৰ খবৰ পোৱাৰ পাচতেই সেই স্থানত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷
প্ৰাৰম্ভিক অনুসন্ধানৰ পাচত আৰক্ষীয়ে জনোৱা মতে, হত্যাৰ বলি হোৱা যুৱকজন চুপ্ৰিম টেইলৰৰ স্বত্বাধিকাৰী কানহায়া লাল চাহু ৷ চোকা অস্ত্ৰৰে অতি নিৰ্মমভাৱে হত্যা কৰা হৈছে যুৱক জনক ৷ পাৰস্পৰিক শত্ৰুতাৰ বাবে হত্যাৰ সন্দেহ কৰা হৈছে ৷ ইতিমধ্যে হত্যাকাৰীৰ সন্ধানত নামি পৰিছে আৰক্ষী ৷ উদয়পুৰৰ ধন মাণ্ডি অঞ্চলৰ এখন দোকানত সোমাই দৰ্জীজনক হত্যা কৰা হয় (Udaipur Murder Case) ।
ইতিমধ্যেই উল্লেখ কৰা হৈছে যে, মৃত যুৱকজনে বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপুৰ শৰ্মাৰ সপক্ষে এটা পোষ্ট কৰিছিল । ইয়াৰ পিছতেই এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ দুজন যুৱকে তেওঁক নিৰন্তৰ ভাবুকি দি আছিল ।
ভাবুকি লাভৰ পাছত যুৱকজনে যোৱা কেইবাদিনো ধৰি তেওঁৰ দোকানখনো খোলা নাছিল ৷ কিন্তু মঙলবাৰে তেওঁ দোকানখন খোলাৰ লগে লগে কাপোৰ চিলাবলৈ দিবলৈ দুজন লোক আহিছিল । কাপোৰ মাপ লোৱাৰ সময়তে লোক দুজনে কানহায়াৰ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰে (Rajasthan Crime News)।