নিউজ ডেস্ক, 20 নৱেম্বৰ:ছত্তীশগড়ৰ বিলাসপুৰত সংঘটিত হৈছে এগৰাকী যুৱতীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ এই ঘটনাৰ নতুন চিচিটিভি ফুটেজ আৰক্ষীয়ে লাভ কৰিছে আৰু তাত অভিযুক্ত আশীষ চাহুৱে ভুক্তভোগীৰ মৃতদেহ নিজৰ দোকানৰ ভিতৰত থৈ দিয়া দেখা গৈছে (Bilaspur murder case update)। লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা ভিলাইৰ প্ৰিয়ংকা সিং নামৰ যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উঠিছে প্ৰেমিকৰ বিৰুদ্ধে । প্ৰকাশ পোৱা নতুন ফুটেজটোত চাহুৱে মৃতদেহ যেন লগা বস্তুটো নিজৰ দোকানৰ ভিতৰলৈ লৈ যোৱা দেখা গৈছে (Priyanka Singh murder Bilaspur Chhattisgarh) ।
আৰক্ষীয়ে কয়, "চাহুৱে শনিবাৰে পুৱালৈকে মৃতদেহটো নিজৰ দোকানত লুকুৱাই ৰাখিছিল । যেতিয়া দুৰ্গন্ধ নিৰ্গত হ'বলৈ ধৰিলে, তেতিয়া পুৱা প্ৰায় ৪ বজাত কস্তুৰবা নগৰৰ নিজৰ ঘৰলৈ লৈ যায় ।" শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে ঋণ দিয়া ধন ঘূৰাই দিবলৈ বাৰে বাৰে দাবী জনোৱাৰ পিছতে চাহুৱে প্ৰেমিকাক হত্যা কৰা বুলি আৰক্ষীয়ে জনায় (Murder in Bilashpur)।