নিউজ ডেস্ক, 25 অক্টোবৰ: ভূমিকেন্দ্ৰিক সংঘাতৰ কথা আপুনি বহুত শুনিছে ৷ মাটি-বাৰীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ ভয়ংকৰ ৰূপ আপুনি হয়তো দেখিছে ৷ বন্ধুৱে বন্ধুক, ভাতৃয়ে ভাতৃক, পুত্ৰই পিতৃক বা পিতৃয়ে পুত্ৰক মাটিৰ বাবেই হত্যা কৰা নৃশংস ঘটনা সমূহে এবাৰ হ’লেও আপোনাৰ মন মগজুক জোঁকাৰি গৈছে ৷ আজি আমি আপোনাক এনে এক ভূমি বিবাদৰ কথা ক’ম যিটো শুনিলে মানুহ হিচাপে নিজৰ ওপৰতেই ধিক্কাৰ উপজিব আপোনাৰ ৷
দীৰ্ঘদিন ধৰি ভূমিকেন্দ্ৰিক সংঘাত চলি আছিল বাহাদুৰ সিং আৰু আটাৰ সিং গুৰ্জাৰৰ পৰিয়ালৰ মাজত ৷ চাৰিদিন মান পূৰ্বে দুয়োটা পক্ষই উভয়ৰ বিপক্ষে দাখিল কৰিছিল এজাহাৰ ৷ কিন্তু বুধবাৰে পুৱা দুয়োটা পক্ষৰ মাজত চলি থকা সংঘাত তীব্ৰতৰ হৈ পৰে ৷
এটা সূত্ৰই জনোৱা মতে, বিবদমান ভূমি টুকুৰাত এখন ট্ৰেক্টৰ লৈ উপস্থিত হয় বাহাদুৰৰ পৰিয়াল ৷ পুৰুষ-মহিলাসহ আটাৰ সিঙৰ পৰিয়ালো সেই স্থানত উপস্থিত হয়গৈ ৷ ভূমি দখলৰ বিৰোধিতা কৰি আটাৰ সিঙৰ পৰিয়ালৰ এজন যুৱক মাটি টুকুৰাত শুই পৰে ৷ সেই সময়তে বাহাদুৰৰ ফৈদৰ ট্ৰেক্টৰ চালকজনে শুই থকা যুৱকজনৰ গাৰ ওপৰেৰে চলাই লৈ যায় ট্ৰেক্টৰখন ৷
কেৱল এবাৰ নহয়, ঘূৰাই-পকাই কেইবাবাৰো যুৱকজনৰ ওপৰেৰে ট্ৰেক্টৰ চলাই চালকজনে ৷ মৰণা মৰাৰ দলে যুৱকজনক মহতিয়াই পেলোৱা হ’ল ট্ৰেক্টৰখনেৰে ৷ ফলত যি মাটিৰ বাবে মাত দিবলৈ আহিছিল, সেই মাটিতেই অতি কৰুণভাৱে প্ৰাণ ত্যাগ কৰিব লগীয়া হ’ল নিৰপাত নামৰ যুৱকজনে ৷