নিউজ ডেস্ক, ২ ডিচেম্বৰ :পাঁচ বছৰ পূৰ্বে মিছা গোচৰত জড়িত হোৱাৰ পিছত বৰ্তমান সকাহ লাভ । মিদনাপুৰৰ এজন যুৱকৰ কাহিনীয়ে সকলোকে আচৰিত কৰি তুলিব । পশ্চিমবংগৰ কেশপুৰৰ যুৱকজনে পাঁচ বছৰ ধৰি ধৰ্ষণৰ ভুৱা অভিযোগ সহিবলগা হৈছিল (fake charge of rape) । লগতে এই গোটেই সময়চোৱাত গ্লানি বহন কৰি আছিল (youth from Keshpur carry fake charge of rape) । কিন্তু পাঁচ বছৰ পিছত আদালতে নিৰ্দেশ দিয়া ডিএনএ পৰীক্ষাৰ পিছত তেওঁ অৱশেষত নিৰ্দোষী বুলি প্ৰমাণিত হৈছে (DNA test ordered by court) ।
পাঁচ বছৰ পূৰ্বে এগৰাকী নাবালিকাই যুৱকজনৰ ওপৰত বিবাহৰ মিছা প্ৰতিশ্ৰুতিৰে যৌন সম্ভোগ কৰাৰ অভিযোগ উত্থাপন কৰিছিল (minor accused youth having sex) । লগতে যুৱকজনক উক্ত নাবালিকাগৰাকীক বিয়া কৰাবলৈ বাধ্য কৰোৱা হৈছিল । বৰ্তমান নাবালিকাগৰাকীৰ বয়স 18 বছৰ । ঘটনাটো সংঘটিত হৈছিল ২০১৭ চনত ।
সেই সময়ত কেশপুৰৰ আনন্দপুৰ অঞ্চলৰ বাসিন্দা ১৩ বছৰীয়া নাবালিকাগৰাকী গৰ্ভৱতী হৈছিল । তাৰ পিছত তেওঁৰ পৰিয়ালে এগৰাকী ২২ বছৰীয়া চুবুৰীয়া যুৱকক বিয়াৰ মিছা প্ৰতিশ্ৰুতিৰে তেওঁক গৰ্ভধাৰণ কৰোৱাৰ অভিযোগ উত্থাপন কৰিছিল (impregnating minor false promises of marriage) ।
কিন্তু যুৱকজনে লগে লগে সকলো অভিযোগ নাকচ কৰা স্বত্বেও পঞ্চায়তৰ সদস্যসকলে পঞ্চায়তৰ এক বিশেষ আদালতৰ ব্যৱস্থা কৰে আৰু যুৱকজনক উক্ত স্থানতে তেতিয়াই নাবালিকাগৰাকীক বিয়া কৰাবলৈ বাধ্য কৰায় । ফলত যুৱকজন উক্ত লোকসকলৰ ওপৰত ক্ষোভিত হৈ পৰে লোকসকলৰ ওপৰত তীব্ৰ ঘৃণাৰে ঘৰৰ পৰা পলাই গৈ মিদনাপুৰ আদালতত (Midnapore court) তেওঁৰ নাবালিকা পত্নী আৰু তেওঁৰ পৰিয়ালে তেওঁক জোৰ-জবৰদস্তি কৰাৰ অভিযোগ তুলি গোচৰ ৰুজু কৰে ।