নেশ্যনেল ডেস্ক,৬ অক্টোবৰ :বিশ্বৰ প্ৰভাৱশালী উদ্যোগপতিসকলৰ ভিতৰত অন্যতম ভাৰতৰ মুকেশ আম্বানিক ভাবুকি প্ৰদান কৰি গ্ৰেপ্তাৰ হ'ল বিহাৰৰ যুৱক (Youth arrested for threatening Mukesh Ambani)। ব্যৱসায়ীগৰাকীক ভাবুকি দিয়াৰ অভিযোগত মুম্বাই আৰক্ষীয়ে বিহাৰৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে (Bihar youth arrested on Ambani threatening case)। ঘটনাটো সন্দৰ্ভত দৰভাঙ্গাৰ এছএছপি আকাশ কুমাৰে কয় যে অভিযুক্ত যুৱকজনক দৰভাঙ্গা জিলাৰ ব্ৰাহপুৰা গাঁৱৰ মণিগাচী আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ।
গ্ৰেপ্তাৰ হোৱাৰ পাছত মুম্বাই আৰক্ষীয়ে যুৱকজনক মুম্বাইলৈ লৈ যায় । অভিযুক্তৰ পৰা এটা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে ।
উল্লেখ্য যে আম্বানিৰ পৰিয়ালক ফোনযোগে ভাবুকি প্ৰদানৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে । মুকেশ আম্বানিৰ ছাৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেচন হাস্পতাললৈ (Sir HN Reliance Foundation Hospital) বুধবাৰে এটা অজ্ঞাত নম্বৰৰ পৰা ভাবুকি ভৰা ফোন আহিছিল ।