অসম

assam

ETV Bharat / bharat

Mukesh Ambani threatening case : মুকেশ আম্বানীক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ - Telangana youth arrested for threatening Ambani

দুটাকৈ পৃথক ই-মেইলত মুকেশ আম্বানীৰ পৰা ৪০০ কোটি টকাৰ দাবী কৰিছিল যুৱকজনে । যুৱকজনক তেলেংগানাৰ গণেশ ৱানপৰ্ধি বুলি চিনাক্ত । ৮ নৱেম্বৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ যুৱকজনক ।

Mukesh Ambani threatening case
মুকেশ আম্বানীক হত্যাৰ ভাবুকি দিয়া যুৱকক গ্ৰেপ্তাৰ

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 5:43 PM IST

নেশ্যনেল ডেস্ক,৪ নৱেম্বৰ :দেশৰ বিশিষ্ট উদ্যোগপতি মুকেশ আম্বানীক ভাবুকি প্ৰদানৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক । তেলেংগানাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গণেশ ৱানপৰ্ধি নামৰ অভিযুক্তজনক । আদালতে ৮ নৱেম্বৰলৈ যুৱকজনক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে । অভিযোগ অনুসৰি ইমেইলযোগে যুৱকজনে মুকেশ আম্বানীৰ পৰা ৪০০ কোটি টকাৰ দাবী কৰিছিল ।

জানিব পৰা মতে ১৯ বছৰীয়া ৱানপৰ্ধিক মুম্বাই আৰক্ষীয়ে তেলেংগানাৰ পৰা গ্ৰেপ্তাৰ কৰে । ধৃত যুৱকজনক শনিবাৰে নিম্ন আদালতত হাজিৰ কৰোৱা হয় । তেলেংগানাৰ যুৱকজনক আদালতে ৮ নৱেম্বৰলৈকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । যুৱকজনে ইমেইল যোগে মুকেশ আম্বানীক ৪০০ কোটি টকা দাবী কৰিছিল । ধনখিনি নিদিলে আম্বানীক হত্যা কৰাৰ ভাবুকি দিছিল যুৱকজনে ।

অভিযোগ অনুসৰি যোৱা ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত যুৱকজনে মুকেশ আম্বানীলৈ দুটা পৃথক ইমেইল প্ৰেৰণ কৰিছিল । য'ত তেওঁ ৪০০ কোটি টকাৰ দাবী কৰিছিল । এই সন্দৰ্ভত মুম্বাইৰ গাদেৱী আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল আৰু তদন্ত অব্যাহত ৰাখে । গোচৰ ৰুজু হোৱাৰ পাছতে যুৱকজনক বিচাৰি আৰক্ষীয়ে অভিযান চলাই আছিল ।

ইফালে মুম্বাই অপৰাধ শাখাইও বিষয়টো অনুসন্ধান কৰি আছিল । ঘটনাৰ তদন্ত জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক বিবেক ভোচালেৰ তত্বাৱধানত কৰা হৈছিল । কিন্তু যুৱকজনে অকলে এই দাবী কৰিছিল নে এই ঘটনাত আৰু কোনো লোক জড়িত আছে সেয়া সন্দেহৰ আৱৰ্তত আছে । যাৰ বাবে আৰক্ষীয়ে যুৱকজনৰ জিম্মাৰ বাবে আবেদন জনাইছিল । আৰক্ষীৰ হৈ উপস্থিত থকা অধিবক্তাৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আদালতে অভিযুক্ত যুৱকজনক আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Self help group member cheated: চামগুৰিত আত্মসহায়ক গোটৰ সদস্যাক প্ৰৱঞ্চনা সভানেত্ৰী-সম্পাদিকাৰ

ABOUT THE AUTHOR

...view details