নেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ :ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃৰ বিয়োগত মৰ্মাহত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । প্ৰধানমন্ত্ৰী মোডী আৰু তেওঁৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে বেনাৰ্জীয়ে (Mamata Manerjee condolences to PM Modi)। হাওৰা ৰে'ল ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মমতা বেনাৰ্জীয়ে কয় যে, মাতৃৰ কোনো বিকল্প নাই ।
ইফালে মাতৃৰ বিয়োগৰ পাছতো বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত ভাৰ্ছুৱেলী প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা বাবে মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে (PM Modi at Vande Bharat Express launched program)। মমতা বেনাৰ্জীয়ে কয়,"মই নাজানো কেনেকৈ আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সদস্যসকলক সমবেদনা জনাও । মহাশয়, ভগৱানে আপোনাক আগুৱাই যোৱাত শক্তি দিয়ক । আজি আপোনাৰ বাবে অতি দুখৰ দিন, কিন্তু আপুনি এতিয়াও ইয়াত অংশগ্ৰহণ কৰিছে । এইটো এক মহান কাম । আপুনি আপোনাৰ কামৰ জৰিয়তে আপোনাৰ মাতৃক শ্ৰদ্ধা জনাইছে ।" আনহাতে মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে হাতযোৰ কৰি সমৰ্থন জনাইছে ।
মমতা বেনাৰ্জীয়ে লগতে কয় যে, তেওঁ আজি সুখী কিয়নো পশ্চিমবংগই আন 49 টা বিশ্বমানৰ ষ্টেচনৰ সৈতে বন্দে ভাৰত এক্সপ্ৰেছ লাভ কৰিছে । সেয়ে পশ্চিমবংগৰ ৰাইজৰ হৈ তেওঁ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে (Mamata Banerjee thanked Prime Minister)। মাতৃৰ বিয়োগৰ এই পৰিস্থিতিত প্ৰধানমন্ত্ৰীগৰাকীক অলপ বিশ্ৰাম ল'বলৈও আহ্বান জনাই বেনাৰ্জীয়ে ।