নিউজ ডেস্ক, ৮ আগষ্ট:পশ্চিমবংগৰ দাৰ্জিলিঙত সোমবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ জ্যেষ্ঠ ভাতৃক সুৰামত্ত অৱস্থাত শিৰচ্ছেদ কৰে তেওঁৰেই কনিষ্ঠ ভাতৃয়ে ৷ জ্যেষ্ঠ ভাতৃৰ মুণ্ডচ্ছেদতেই ক্ষান্ত নাথাকি তেওঁ শৰীৰতো নৃশংসভাৱে কুঠাৰাঘাত কৰে কনিষ্ঠ ভাতৃয়ে ৷ দাৰ্জিলিং জিলাৰ খাৰিবাৰী ব্লকৰ দেৱানভিটা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা । এই ঘটনা সমগ্ৰ অঞ্চলটোত বিয়পি পৰাৰ পাচতেই অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ আতংকৰ ৷
আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজন কৃষ্ণকান্ত মণ্ডল আৰু অভিযুক্ত কনিষ্ঠ ভাতৃৰ নাম ৰামানন্দ মণ্ডল । স্থানীয় সূত্ৰই জনোৱা মতে, দুয়ো ভাতৃয়ে শ্ৰমিক হিচাপে কৰ্মৰত । জ্যেষ্ঠ ভাতৃ কৃষ্ণকান্তই সোমবাৰে নিশা কাকো নোকোৱাকৈয়ে কনিষ্ঠ ভাতৃৰ ধন চুৰি কৰি সুৰা সেৱন কৰাৰ অভিযোগ উত্থাপন হৈছে । মাজনিশা মদ্যপান কৰি ঘৰলৈ উভতি অহাৰ পাচত দুয়ো ভাতৃৰ মাজত ধন চুৰি কৰাক লৈ কাজিয়াৰ সূত্ৰপাত হয় । অভিযোগ অনুসৰি, সেই সময়ত ৰামানন্দই চোতালৰ কাষৰ পৰা কাঠ কটা কুঠাৰ লৈ জ্যেষ্ঠ ভাতৃৰ মূৰটো কাটি পেলায় ৷