নেশ্যনেল ডেস্ক, 14 এপ্ৰিল :কৰ্ণাটকত চাঞ্চল্যকৰ ঘটনা ৷ জন্মদিনৰ দিনাইপ্ৰেমিকৰ হাতত প্ৰাণ গ’ল প্ৰেমিকাৰ ৷ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটোৱে এতিয়া সম্প্ৰতি লাভ কৰিছে বিশেষ চৰ্চা (Young woman killed by her boyfriend) ৷ঘটনাৰ স্থানকৰ্ণাটকৰ বেংগালুৰু বুলি জানিব পৰা গৈছে ৷কৰ্ণাটক আৰক্ষীয়ে ইতিমধ্যে বেংগালুৰুত প্ৰেমিকাৰ জন্মদিন উদযাপন কৰি হত্যা কৰাৰ অভিযোগত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে বুলি শনিবাৰে আৰক্ষীৰ লোকে প্ৰকাশ কৰে (Mysterious murder in Bengaluru) ।
প্ৰেমিকৰ হাতত মৃত্যু হোৱা যুৱতীগৰাকীৰ নাম নব্যা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ ২৪ বছৰীয়া নব্যা ৰাজ্যৰ আৰক্ষী বিভাগৰ আভ্যন্তৰীণ নিৰাপত্তা বিভাগত কেৰাণী হিচাপে কাম কৰিছিল । ইয়াৰ বিপৰীতে ঘটনাৰ সৈতে নাম সাঙোৰ খাই পৰা অভিযুক্ত তথা প্ৰেমিকৰ নাম প্ৰশান্ত বুলি জানিব পৰা গৈছে ৷ অভিযুক্ত তথা প্ৰেমিক প্ৰশান্ত কনকাপুৰাৰ বাসিন্দা ।
ঘটনা সন্দৰ্ভত অধিক জানিবলৈ দি আৰক্ষীয়ে নব্যা আৰু প্ৰশান্তৰ মাজত ছবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল বুলি উল্লেখ কৰে । তদুপৰি, নব্যা আৰু প্ৰশান্ত দুয়ো দূৰৈৰ আত্মীয় আছিল বুলি জানিবলৈ দিয়ে । যোৱা মঙলবাৰৰ দিনা নব্যাই জন্মদিন পালন কৰিছিল যদিও প্ৰশান্তই ব্যস্ত বুলি কৈ নব্যাৰ জন্মদিনৰ অনুষ্ঠানত উপস্থিত নাছিল ।