নেশ্যনেল ডেস্ক, 29 জুলাই: শেহতীয়াকৈ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু তেওঁৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰা হাৰিয়ানাৰ চোনিপত জিলাৰ মহিলা কৃষকৰ এটা দলে ৰাহুল গান্ধীৰ বিবাহ সম্পৰ্কে প্ৰশ্ন কৰিছিল ৷ ছোনিয়া গান্ধীয়ে তেওঁৰ বাসভৱনত আয়োজিত এক ভোজন অনুষ্ঠানৰ সময়ত, মহিলাসকলে ৰাহুল গান্ধীক বিয়া কৰাবলৈ অনুৰোধ কৰিছিল । ইয়াৰ প্ৰত্যুত্তৰত ছোনিয়া গান্ধীয়ে তেওঁলোকক তেওঁৰ পুত্ৰৰ বাবে উপযুক্ত ছোৱালী বিচাৰি উলিয়াবলৈ পৰামৰ্শ দিছিল ৷ ইয়াৰ উত্তৰত ৰাহুল গান্ধীয়ে কয় যে, ‘সোনকালে বিয়া পাতিম ৷’’
উল্লেখ্য যে বিগত 8 জুলাইত ৰাহুল গান্ধীয়ে হাৰিয়ানাৰ চোনিপত জিলাত উপস্থিত হৈ পথাৰত ব্যস্ত থকা কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰে ৷ সেই সময়তে একাংশ মহিলাৰ সৈতে বাৰ্তালাপৰ পাচত তেওঁলোকক ৰাহুল গান্ধীয়ে নিজ গৃহলৈ আহাৰ গ্ৰহণৰ বাবে নিমন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷
সেই প্ৰতিশ্ৰুতিৰ পাচতেই ৰাহুল গান্ধীয়ে মহিলা কৃষকৰ দলটোক নিজ গৃহলৈ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছিল ৷ মহিলা কৃষকসকলে ৰাহুলৰ ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে কথা পাতিবলৈ সুযোগ পাইছিল ৷