নেশ্যনেল ডেস্ক,১৫ ডিচেম্বৰ:এগৰাকী ব্যক্তিৰ জীৱন আৰু সংগ্ৰাম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ! প্ৰতিগৰাকী লোকৰে জীৱনত সংগ্ৰাম থাকে । কিছুমানৰ সেই সংগ্ৰাম অতি দুৰ্বিষহ হৈ পৰে । কিছুমান লোকৰ সংগ্ৰামৰ কাহিনীয়ে বহুতকে প্ৰেৰণা দিয়ে ।
তেনে এগৰাকী মহিলাৰ সংগ্ৰামৰ জীয়া ছবিয়ে ইটিভি ভাৰতৰ সাংবাদিকৰ দৃষ্টি আকৰ্ষণ কৰিছে । মহিলাগৰাকী হৈছে উত্তৰ প্ৰদেশৰ যোগিতা ৰঘুবংশী (Life struggle of woman truck driver)। যোগিতা পেচাত এগৰাকী ট্ৰাক চালক । যি সময়ত একাংশ মহিলাই নিশা হ'লেই ঘৰৰ বাহিৰত নিৰাপত্তাৰ আশংকাত পৰে । তেনে সময়তে যোগিতাই দিনে নিশাই ট্ৰাক চলাই ঘূৰিছে দেশ ।
উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰা যোগিতা বাণিজ্য আৰু আইনৰ শিক্ষাৰ্থী আছিল । ২০০১ চনত মধ্যপ্ৰদেশৰ ভূপালৰ এজনৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হৈছিল । বিয়াৰ পাছৰে পৰা যোগিতাৰ জীৱন সংগ্ৰাম আৰম্ভ হৈছিল । কিয়নো বিয়াৰ পাছতহে তেওঁ গম পাইছিল তেওঁৰ স্বামী এগৰাকী ট্ৰাক চালক । তেওঁলোকৰ এটা সৰু গাড়ীৰ কোম্পানী আছিল । দুটা সন্তান জন্মৰ পাছত যোগিতাৰ জীৱনলৈ নামি আহিল অমানিশা ।
কাৰণ এদিন পথ দুৰ্ঘটনাত তেওঁৰ স্বামীৰ মৃত্যু হ'ল । লগে লগে ঘৰ আৰু কোম্পানীৰ দায়িত্ব আহিল যোগিতাৰ মূৰৰ ওপৰত । কিন্তু আন এজন চালকে তেওঁলোকৰ ট্ৰাকখন চলাইছিল যদিও সময়মতে উপাৰ্জনবোৰ হাতলৈ অহা নাছিল । যাৰ বাবে ঘৰখন চলোৱাত সমস্যাৰ সৃষ্টি হৈছিল । সেয়ে সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি যোগিতাই নিজেই ট্ৰাক চলোৱাৰ সিদ্ধান্ত ল'লে (UP woman truck driver Yogita Raghubanshi)। লগে লগে যোগিতাৰ জীৱন সংগ্ৰামৰ আন এক অধ্যায় আৰম্ভ হ'ল ।