অসম

assam

ETV Bharat / bharat

কল্যাণ সিঙৰ নামেৰে ৰাজ্যৰ কৰ্কট প্ৰতিষ্ঠান নামকৰণৰ সিদ্ধান্ত যোগী চৰকাৰৰ - লক্ষ্ণৌ কৰ্কট প্ৰতিষ্ঠান

প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় কল্যাণ সিঙ(Kalyan Singh)ৰ নামেৰে লক্ষ্ণৌ কৰ্কট প্ৰতিষ্ঠান নামকৰণ কৰাৰ সিদ্ধান্ত যোগী আদিত্য নাথৰ ৷ বুলন্দচহৰ(Bulandshahr)ৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়খনৰো নামো প্ৰয়াত নেতাজনৰ নামেৰে নামকৰণ কৰিব উত্তৰ প্ৰদেশ চৰকাৰে ৷

Yogi to name cancer institute, medical college after Kalyan Singh
কল্যাণ সিঙৰ নামেৰে ৰাজ্যৰ কৰ্কট প্ৰতিষ্ঠান নামকৰণৰ সিদ্ধান্ত যোগী চৰকাৰৰ

By

Published : Aug 26, 2021, 8:08 PM IST

নেশ্যনেল ডেস্ক , 26 আগষ্ট :লক্ষ্ণৌ কৰ্কট প্ৰতিষ্ঠানৰ নাম প্ৰাক্তন মুখ্যমন্ত্ৰী স্বৰ্গীয় কল্যাণ সিঙ(Kalyan Singh)ৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে যোগী আদিত্যনাথ(Yogi Adityanath) নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰে( government in Uttar Pradesh) ৷ ইয়াৰ লগতে বুলন্দচহৰ(Bulandshahr)স্থিত চৰকাৰী চিকিৎসা মহাবিদ্যালয়খনৰো নামো প্ৰয়াত নেতাজনৰ নামেৰে নামকৰণ কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ইয়াৰ পূৰ্বে PWD দপ্তৰৰ দায়িত্বত থকা উপ মুখ্যমন্ত্ৰী কেশৱ মৌৰ্য(Deputy Chief Minister Keshav Maurya)ই অযোধ্যাৰ ৰাম জন্মভূমি মন্দিৰলৈ(Ram Janmabhoomi temple in Ayodhya) যোৱা পথটো কল্যাণ সিঙৰ নামেৰে নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল ৷ ইয়াৰ উপৰিও লক্ষ্ণৌ( Lucknow), আলিগড়(Aligarh), প্ৰয়াগৰাজ(Prayagraj), ইটাহ(Etah) আৰু বুলন্দচহৰ(Bulandshahr)ৰ পথসমূহো প্ৰয়াত নেতাজনৰ নামেৰে নামাকৰণ কৰা হ'ব ৷

প্ৰাপ্ত তথ্য অনুসৰি উত্তৰ প্ৰদেশ চৰকাৰে আলিগড় বিমানবন্দৰ(Aligarh airport)ৰ নামো কল্যাণ সিঙৰ নামেৰে ৰাখিব বুলি আশা কৰা হৈছে ৷

বিজেপিৰ সাংসদ সতীশ গৌতম(BJP MP Satish Gautam) আৰু কেইবাগৰাকী স্থানীয় নেতাই মুখ্যমন্ত্ৰীগৰাকীক ইয়াৰ বাবে আহ্বান জনাইছে ৷ উল্লেখ্য যে, দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত 21 বছৰ বয়সত 89 বছৰ বয়সত কল্যাণ সিঙৰ পৰলোকপ্ৰাপ্তি ঘটিছিল ৷

লগতে পঢ়ক :Yogiক Bhogi আখ্যা দি বিপদত উদ্ধৱ ঠাকৰে

ABOUT THE AUTHOR

...view details