অসম

assam

ETV Bharat / bharat

ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীকলৈ অৰুণ সিঙৰ ঘোষণা - উত্তৰ প্ৰদেশ নিৰ্বাচন

জয়পুৰ ভ্ৰমণৰ সময়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি বিজেপিৰ সাধাৰণ সম্পাদক তথা ৰাজস্থানৰ দায়িত্বত থকা অৰুণ সিঙে আগন্তুক উত্তৰ প্ৰদেশ নিৰ্বাচনত মুখ্যমন্ত্ৰীৰ দ্বিতীয় কাৰ্যকালৰ বাবে প্ৰাৰ্থী হিচাপে যোগী আদিত্যনাথৰ নাম ঘোষণা কৰে । ৰাজস্থানত মুখ্যমন্ত্ৰীৰ মুখ বিজেপি সংসদীয় পৰিষদে নিৰ্ণয় কৰিব ।

BJP
ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীকলৈ অৰুণ সিঙৰ ঘোষণা

By

Published : Jun 23, 2021, 1:16 PM IST

নেশ্যনেল ডেস্ক, ২৩ জুন :অহা বছৰ অৰ্থাৎ ২০২২ চনত উত্তৰ প্ৰদেশত হ'ব বিধানসভা নিৰ্বাচন লগতে তাৰ পিছৰ বছৰ ৰাজস্থানত হ'ব নিৰ্বাচন । সেয়ে আগতীয়াকৈয়ে দুয়োখন ৰাজ্যত চলিছে নিৰ্বাচনী তৎপৰতা । দুয়োখন ৰাজ্যত শাসক বিৰোধীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰস্তুতি । অৱশ্যে শাসকীয় দলৰ মাজতে শেহতীয়াকৈ আৰম্ভ হৈছে মত-বিৰোধ ।

বিশেষকৈ ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে (Bashundhara Raje)আৰু ৰাজ্যিক কমিটীৰ মাজত আৰম্ভ হৈছে মনোমালিন্য । ইয়াৰ মাজতে বিজেপিৰ সাধাৰণ সম্পাদক (Bjp general Secretary) তথা ৰাজস্থানৰ দায়িত্বত থকা অৰুণ সিঙে (Arun Sing) এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । বুধবাৰে তেওঁ ঘোষণা কৰা মতে ৰাজস্থানৰ আগন্তুক মুখ্যমন্ত্ৰী পদৰ বাবে কাক বাছনি কৰা হ'ব সেয়া এতিয়াও নিশ্চিত হোৱা নাই । বিজেপিৰ সংসদীয় পৰিষদেহে সিদ্ধান্ত ল'ব ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী কোন হ'ব ।

ইফালে বিসম্বাদ আৰম্ভ কৰা অৰ্থাৎ বসুন্ধৰা বাহিনীক সতৰ্ক কৰি দিয়ে সাধাৰণ সম্পাদকগৰাকীয়ে । ইতিমধ্যে দলৰ ভিতৰচ'ৰাত হোৱা বিসম্বাদৰ ফলত বিভিন্নধৰণৰ মন্তব্য দিয়া দেখা গৈছে । সেয়ে সাধাৰণ সম্পাদক গৰাকীয়ে তেনে মন্তব্য দিয়াৰ পৰা বিসম্বাদী শিবিৰক বিৰত থাকিবলৈ আহ্বান জনাই কিয়নো তেওঁৰ মতে যিসকলে তেওঁলোকৰ বিবৃতি জাৰী কৰিছে তেওঁলোকে প্ৰথমে মূল্যাংকন কৰা উচিত যে তেওঁলোকৰ মন্তব্যই লাভান্বিত হ'ব নে দলৰ লোকচান আনিব ।

অৰুণ সিঙে লগতে কয় যে, যদি কোনো নেতাৰ কোনো মন্তব্যৰ বাবে দলৰ ক্ষতি হয়, তেন্তে সংশ্লিষ্ট ব্যক্তিজনৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব । আনকি অৰুণ সিঙে ৰাজস্থানৰ ৰাজ্যিক বিজেপিক সেই বিৰোধী নেতাসকলৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান জনাইছে । তেওঁ উল্লেখ কৰা মতে যিসকলে দলৰ ক্ষতি হ'ব পৰা কাম কৰি আছে সেই তালিকাত অন্তৰ্ভুক্ত হ'ব তেওঁলোকৰ নাম ।

কেৱল এয়াই নহয় কেন্দ্ৰীয় নেতৃত্বই সেইসকল নেতাৰ বুজাবলৈ যত্ন কৰিব আৰু যদিহে বুজি নাপায় তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও সাধাৰণ সম্পাদক গৰাকীয়ে উল্লেখ কৰে । ইফালে উত্তৰ প্ৰদেশ নিৰ্বাচন সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে নেতাগৰাকীয়ে । আগন্তুক নিৰ্বাচনতো দ্বিতীয় বাৰৰ বাবে যোগী আদিত্যনাথকে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থিত্ব প্ৰদানৰ কথা ঘোষণা কৰে বিজেপিৰ সাধাৰণ সম্পাদকগৰাকীয়ে । তেওঁৰ মতে যোগী আদিত্যনাথে ৰাজ্যখনত উল্লেখনীয় কাম কৰিছে যাৰ বাবে পৰৱৰ্তী নিৰ্বাচনৰ বাবেও মুখ্যমন্ত্ৰীৰ মুখ হ'ব যোগী আদিত্য নাথ ।

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস: ভাৰতীয় অলিম্পিয়ানসকলক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details