নেশ্যনেল ডেস্ক,৩১ মাৰ্চ:উত্তৰ প্ৰদেশ চৰকাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন উপ আৰক্ষী অধীক্ষক শৈলেন্দ্ৰ সিঙৰ বিৰুদ্ধে দাখিল কৰা গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শৈলেন্দ্ৰ সিঙ হ’ল সেইগৰাকী আৰক্ষী বিষয়া যি পি.টি.এ.এ.(সন্ত্ৰাসবাদ বিৰোধী আইন, ২০০২)ৰ অধীনত উত্তৰ প্ৰদেশৰ মাফিয়া নেতা মুখতাৰ আনছাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ।
প্ৰাক্তন আৰক্ষী বিষয়াজনে তেওঁৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক কৃতজ্ঞতা জ্ঞাপন কৰে । যোৱা ৬ মাৰ্চত মুখ্য ন্যায়ীক দণ্ডাধীশে এই কথা ঘোষণা কৰিছিল । মুখ্যমন্ত্ৰী আদিত্যনাথলৈ সিঙে লিখা প্ৰশংসা পত্ৰ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা দেখা গৈছে ।
উল্লেখ্য যে, গোচৰটো আছিল ২০০৪ চনৰ । যেতিয়া সিঙে এটা লাইট মেচিন গান জব্দ কৰাৰ লগতে ৰাজনীতিবিদ মুখতাৰ আনছাৰীৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্ৰহণ কৰিছিল । আনছাৰী আৰু এগৰাকী সেনাৰ লোকৰ মাজত ১ কোটি টকাৰ বন্দুকৰ বিক্ৰীৰ চুক্তি হোৱা বুলি তথ্য সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছিল আৰু আনছাৰীৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গোচৰ ৰুজু কৰিছিল শৈলেন্দ্ৰ সিঙে ।