নেশ্যনেল ডেস্ক,৩১ জুলাই :পুনৰ বিতৰ্কত অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিনৰ নেত্ৰী উজমা পাৰবীন । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথক মাফিয়া, ধৰ্ষণকাৰী আৰু হিংসাৰ প্ৰৰোচক আখ্যা দি বিপদত বিতৰ্কিত নেত্ৰীগৰাকী । সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত উজমা পাৰবীনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । চাইবাৰ অপৰাধ আৰক্ষী থানাত ৰুজু হৈছে গোচৰটো । লক্ষ্ণৌ পশ্চিম বিধানসভা আসনৰ পৰা এআইএমআইএমৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল উজমা পাৰবীনে ।
চাইবাৰ অপৰাধ আৰক্ষী থানাত নিযুক্ত হেড কনিষ্টবল সুবোধ কুমাৰ পাণ্ডেয়ে এখন এজাহাৰ দাখিল কৰি কয় যে এই সন্দৰ্ভত আইজি আইন-শৃংখলাৰ দ্বাৰা এখন পত্ৰ প্ৰেৰণ কৰা হৈছিল । পত্ৰখন অনুসৰি উজমা পাৰবীনে সামাজিক মাধ্যমৰ প্লেটফৰ্ম টুইটাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছে । এজাহাৰত উল্লেখ কৰা মতে উজমা পাৰবীনে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী যোগীক মাফিয়া, ধৰ্ষণকাৰী আৰু হিংসাৰ প্ৰৰোচক বুলি বৰ্ণনা কৰিছে । কেৱল এয়াই নহয় তেওঁ বিৰুদ্ধে নিজে অস্ত্ৰ তুলি লোৱাৰে ভাবুকি প্ৰদান কৰে ।