নেশ্যনেল ডেস্ক,২১ জুন :দেশজুৰি পালন কৰা হৈছে যোগ দিৱস (International Yoga Day 2022)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও মহীশূৰ পেলেচত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰে (PM Modi participates in Yoga Day in Mysore)। কেইবাহাজাৰ লোক এই প্ৰধানমন্ত্ৰীৰ যোগ দিৱসত অংশগ্ৰহণ কৰে । কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, যোগৰ বাবেই বিশ্বব্ৰহ্মাণ্ডলৈ শান্তি আহিছে (Modi says yoga brings peace to our universe)।
প্ৰধানমন্ত্ৰীৰ মতে, গোটেই বিশ্বব্ৰহ্মাণ্ড আমাৰ শৰীৰ আৰু আত্মাৰ পৰা আৰম্ভ হয় । আমাৰ পৰাই বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভ হয় । যোগে আমাক আমাৰ ভিতৰৰ সকলো বিষয়ে সচেতন কৰি তোলে আৰু আমাৰ মাজত সজাগতাৰ অনুভূতি গঢ়ি তোলে । যোগে আমাৰ বাবে শান্তি আনিছে । যোগে কেৱল মানুহৰ বাবেই নহয় সমাজৰ বাবেই শান্তি আনিছে । প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, যোগে আমাৰ দেশ আৰু বিশ্বলৈ শান্তি আনিছে ।