নেশ্যনেল ডেস্ক,২৬ জানুৱাৰী :"ধ্বংসৰ পথত পাকিস্তান ।"এই মন্তব্য পতঞ্জলি যোগপীঠৰ প্ৰতিষ্ঠাপক তথা যোগ গুৰু বাবা ৰামদেৱৰ । পাকিস্তানক তীব্ৰ আক্ৰমণ কৰি যোগ গুৰু বাবা ৰামদেৱে কয় যে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান ধ্বংসৰ দিশে আগবাঢ়িছে (Ramdev slams Pakistan)। তেওঁৰ মতে পাকিস্তান চাৰিটা ভাগত বিভক্ত হ'ব । পাক অধিকৃত কাশ্মীৰ (PoK), সিন্ধ, বেলুচিস্তান আৰু পাঞ্জাৱ প্ৰদেশ পাকিস্তানৰ পৰা ওলাই আহি ভাৰতত যোগ হ'ব (Ramdev predictions on Pakistan)।
তেওঁ দাবী কৰা মতে পাক অধিকৃত কাশ্মীৰে শীঘ্ৰেই ভাৰতত যোগদান কৰিব । পাকিস্তানৰ সিন্ধ আৰু পাঞ্জাৱ প্ৰদেশ সাংস্কৃতিকভাৱে ভাৰতৰ সৈতে একে আছিল । সেয়েহে, তেওঁলোকো আমাৰ দেশৰ সৈতে একত্ৰিত হ'ব । পাকিস্তানৰ পৰা চাৰিখন প্ৰদেশ ভাৰতৰ সৈতে একত্ৰিত হ'লে আমাৰ দেশ বিশ্বৰ ভিতৰতে শক্তিশালী হ'ব বুলিও দাবী কৰে ৰামদেৱে ।
ৰামদেৱৰ মতে ৪ খন পৃথক দেশ গঠন হোৱাৰ পাছত, পাকিস্তানৰ ভৌগোলিক সীমা এক ক্ষুদ্ৰ দেশলৈ ৰূপান্তৰিত হ'ব । তেওঁৰ মতে বেলুচিস্তানে ভাৰতৰ সৈতে একত্ৰীকৰণ বিচাৰি আগবাঢ়ি আহিব । একেদৰে, পাকিস্তানৰ আন প্ৰদেশসমূহেও ভাৰতত যোগদান কৰিবলৈ তেওঁলোকৰ ইচ্ছা প্ৰকাশ কৰিব । তেওঁৰ মতে সিন্ধ আৰু পাঞ্জাৱ প্ৰদেশৰ ভাৰতৰ সৈতে সাংস্কৃতিক সম্পৰ্ক আছে । সেয়েহে, তেওঁলোকৰ বাবে ভাৰতৰ মূল ভূখণ্ডৰ অংশ হোৱাটো সহজ হ'ব বুলি দাবী কৰে ৰামদেৱে ।