নিউজ ডেস্ক, ২০ ডিচেম্বৰ : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে স্বীকাৰ কৰে যে তেওঁ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ইণ্ডিয়া ব্লকৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ নাম প্ৰস্তাৱ কৰিছে ।
"হয়, মই মল্লিকাৰ্জুন খাৰ্গেজীৰ নাম প্ৰস্তাৱ কৰিছোঁ । আৰু মই সুখী যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মোৰ প্ৰস্তাৱক সমৰ্থন জনাইছে ।" মমতা বেনাৰ্জীয়ে কয় । উল্লেখ্য যে মঙলবাৰে নতুন দিল্লীত ইণ্ডিয়া ব্লক বিৰোধী মিত্ৰজোঁটৰ চতুৰ্থ বৈঠকত মমতাই খাৰ্গেৰ নাম প্ৰস্তাৱ কৰে । অৱশ্যে বৈঠকত এই বিষয়টোক লৈ বিশেষ কোনো আলোচনা হোৱা নাছিল ।
"প্ৰথমে নিৰ্বাচনত জয়ী হওঁ আহক । আমি চৰকাৰ গঠন কৰিবলৈ অধিক সাংসদ বিচাৰোঁ । নিৰ্বাচনত জয়ী হোৱাৰ পিছত আমি প্ৰধানমন্ত্ৰীৰ বিষয়টো চিন্তা কৰিব পাৰোঁ । আমি লক্ষ্য কৰিম কোন দলে কিমানখন আসন লাভ কৰে ।" মঙলবাৰে বৈঠকৰ পিছত খাৰ্গেয়ে কয় । সূত্ৰ অনুসৰি, খাৰ্গেক প্ৰধানমন্ত্ৰী হিচাপে মমতাই কৰা প্ৰস্তাৱে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) সৰ্বোচ্চ নেতা লালুপ্ৰসাদ যাদৱক অসন্তুষ্ট কৰে ।
মমতাই কয়, "খাৰ্গেজীৰ নাম প্ৰধানমন্ত্ৰী হিচাপে কৰা মোৰ প্ৰস্তাৱক লৈ লালুজী আৰু নীতিশজীৰ প্ৰতিক্ৰিয়াৰ বিষয়ে মই অৱগত নহয় ।" উল্লেখ্য যে জেডি (ইউ) আৰু আৰজেডিৰ মত আছিল যে এজন জ্যেষ্ঠ ৰাজনীতিবিদ যিয়ে কেইবাটাও কাৰ্যকালৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে তেওঁ প্ৰধানমন্ত্ৰীৰ মুখ হ'ব লাগে । অন্য এক কথাত, দুয়োটা দলেই নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰস্তাৱ কৰাৰ পক্ষপাতী আছিল ।