নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : ৰাজধানী দিল্লীত অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যা বৃদ্ধি (Increases Omicron cases in Delhi) ৷ চহৰখনত ধাৰাবাহিকভাৱে বৃদ্ধি হৈ থকা অ’মিক্ৰণত আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিছে 165 ৰ ঘৰ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সম্বোধন কৰিছিল এখন পৰ্যালোচনা বৈঠক ৷ উক্ত বৈঠকৰ পিছতে দিল্লীত জাৰি কৰা হৈছে কেতবোৰ ক’ভিড সম্পৰ্কীয় নতুন নিৰ্দেশনা ৷
মুখ্যমন্ত্ৰী কেজৰিৱালৰ নিৰ্দেশনা অনুযায়ী সমগ্ৰ দিল্লী চহৰত ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট ৷ দিল্লীৰ সকলো বাৰ, ব্যক্তিগত খণ্ডৰ কাৰ্যালয়, মেট্ৰ’ আদিত 50 শতাংশ কৰ্মচাৰীৰ উপস্থিতি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
আনহাতে, কোনো ধৰ্মীয় অনুষ্ঠান নাইবা বিবাহৰ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব মাত্ৰ 20 গৰাকী ব্যক্তি ৷ চহৰখনৰ সকলো স্পা, জিম বন্ধ থাকিব ৷ চহৰখনত পৰিবহণৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে কেতবোৰ সুকীয়া নিৰ্দেশনা ৷ সেই অনুসৰি, অট’, টেক্সী আদিত যাত্ৰা কৰিব পাৰিব দুগৰাকীকৈ লোকে ৷ চহৰখনত থকা সকলো হোটেললৈ চৰকাৰে জাৰি কৰিছে বিশেষ নিৰ্দেশনা ৷ প্ৰতিখন হোটেলত কোৱাৰেণ্টাইন কোঠাৰ ব্যৱস্থা কৰিব লাগিব হোটেল কৰ্তৃপক্ষই ৷ যাতে, বিদেশৰ পৰা অহা লোকে কোৱাৰেণ্টাইনত থাকিব পাৰে ৷
কেজৰিৱালে ক’ভিড 19 ত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পিছতো কিন্তু দিল্লীত অক্সিজেন চিলিণ্ডাৰ তথা ভেণ্টিলেটৰৰ সংখ্যা বৃদ্ধি নোপোৱা বুলি সদৰী কৰে ৷ তাৰপিছতো কিন্তু কেজৰিৱাল চৰকাৰে পূৰ্বৰ তুলনাত বৰ্তমান ক’ভিড পৰিস্থিতিৰ সৈতে যুঁজিবলৈ প্ৰস্তুত বুলি দাবী কৰিছে ৷