ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ অক্টোবৰ :প্ৰায় এসপ্তাহৰ কাৰ্যসূচীৰে আমেৰিকালৈ ভ্ৰমণ কৰিছে ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । বৃহস্পতিবাৰে মন্ত্ৰীগৰাকী ভাৰতৰ অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্বৰ (EFP) পৰৱৰ্তী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট য়েলেনৰ সৈতে এই বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । ইফালে আন্তৰ্জাতিক মুদ্ৰা নিধি (International Monetary Fund) আৰু বিশ্ব বেংকৰ (World Bank) বাৰ্ষিক বৈঠকৰ নেতৃত্ব দিব জেনেট য়েলেনে ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ বিভাগে জাৰি কৰা এক বিবৃতি অনুসৰি এই বৈঠকখনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত থকা দীৰ্ঘদিনীয়া সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে বিশ্বব্যাপী মহামাৰীৰ পাছত অৰ্থনৈতিক পুনৰুদ্ধাৰ, জলবায়ু বিষয়, বহুপাক্ষিক অগ্ৰাধিকাৰ, বিত্তীয় নিয়ন্ত্ৰণ আৰু এএমএল/চিএফটিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ সমাধান কৰিব । ইফালে বিবৃতিত কোৱা হৈছে যে ১৪ অক্টোবৰত ফেডাৰেল ৰিজাৰ্ভ চিষ্টেমৰ ব'ৰ্ড অৱ গভৰ্ণৰছৰ (Board of Governors) অধ্যক্ষ জেৰোম পাৱেল, ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শান্তিকান্ত দাসৰ উপস্থিতিত আমেৰিকা-ভাৰত অৰ্থনৈতিক আৰু বিত্তীয় অংশীদাৰিত্বৰ অষ্টম বৈঠক অনুষ্ঠিত হ'ব ।