নিউজ ডেস্ক, ৬ জানুৱাৰী: কৰ'ণা মহামাৰীৰ প্ৰতিষেধকক লৈ ৰাজনীতি কৰা উচিত নহয় বুলি মন্তব্য কৰিলে চিপিআই-এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে । লগতে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ COVID-১৯ৰ প্ৰতিষেধকৰ বৈজ্ঞানিক প্ৰমাণ ৰাজহুৱা কৰিবলৈ কেন্দ্ৰক আহ্বান জনায় সাধাৰণ সম্পাদকগৰাকীয়ে । তেওঁ কয় যে, 'কৰ'ণা মহামাৰীৰ প্ৰতিষেধকক লৈ ৰাজনীতি কৰাতো অপ্ৰাসংগিক, দায়িত্বহীন আৰু ই মানৱতা বিৰোধী । এই প্ৰতিষেধক সকলোকে বিনামূলীয়াকৈ প্ৰদান কৰা উচিত । এই প্ৰতিষেধকৰ সংকটমুক্ত হোৱা উচিত । সঠিকভাৱে টীকাকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰাতো চৰকাৰৰ দায়িত্ব' ।
লগতে য়েচুৰীয়ে কয় যে, মহামাৰীত নিতৌ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু দেশবাসীয়ে অতি শীঘ্ৰে টীকাকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাতো বিচাৰিছে । সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ, কংগ্ৰেছ নেতা মণিষ তিৱাৰীকে ধৰি বহু কেইজন ৰাজনৈতিক নেতাই COVID-১৯ৰ প্ৰতিষেধকক লৈ প্ৰশ্ন উত্থাপন কৰিছে । সমান্তৰালকৈ সীতাৰাম য়েচুৰীয়ে অভিযোগ উত্থাপন কৰিছে যে, সঠিকভাৱে নিয়ম পালন নকৰাকৈয়ে হায়দৰাবাদস্থিত ঔষধ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ভাৰত বায়'টেকে প্ৰস্তুত কৰা COVID-১৯ প্ৰতিষেধক ক'ভেক্সিন জৰুৰীকালীনভাৱে ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছে ।