স্পৰ্টছ ডেস্ক,২৬ ডিচেম্বৰ :ভাৰতীয় ক্ৰিকেটৰ বাবে ২০২৩ আছিল আসন্ন প্ৰস্থান, যুৱ খেলুৱৈৰ আগমন আৰু অবিৰাম পৰিৱৰ্তনৰ বছৰ । এই বছৰত ২০০০ ৰাণ সংগ্ৰহ কৰা দ্ৰুততম যুৱ বেটছমেন হিচাপে শুভমন গিলৰ আগমন হৈছে । একেদৰে যশস্বী জয়ছোৱাল আৰু ৰিংকু সিঙৰ দৰে খেলুৱৈয়ে ভাৰতীয় ক্ৰিকেটত বিশেষ গুৰুত্ব লাভ কৰিছে ।
প্ৰকৃততে, ২০২৩ ভাৰতীয় ক্ৰিকেটৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ আছিল । কেৱল বিশ্বকাপৰ সফল আয়োজনৰ বাবেই নহয়, নতুন প্ৰজন্মৰ প্ৰতিভাশালী যুৱ খেলুৱৈৰ উত্থানৰ বাবেও এই বছৰ গুৰুত্বপূৰ্ণ আছিল । এই উদীয়মান তাৰকাবোৰে কেৱল চাপ সৃষ্টি কৰাই নহয় তেওঁলোক আছিল ক্ৰীড়াৰ বিৱৰ্তনৰ আঁৰৰ চালিকা শক্তি, ৰাষ্ট্ৰীয় দলত সতেজ শক্তি আৰু উদ্ভাৱনীমূলক দৃষ্টিভংগীৰ অন্বেষক ।
এই বছৰটো ভাৰতীয় ক্ৰিকেটৰ বিকাশৰ বাবে কেৱল শুভমন গিলৰ বেটিঙেই নহয় পেচাৰ আৰু স্পিনাৰৰ শিতানটো যুৱ ব্ৰিগেডে বিশেষ ভূমিকা গ্ৰহণ কৰিছে । লেগ স্পিনত যাদু দেখুৱাইছে ৰবি বিষ্ণোইয়ে । শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন কৰা আৱেশ খানৰ দৰে বলাৰৰ নামো মনলৈ আহিব ।
ক্ৰিকেটৰ স্তৰত গিলৰ উত্থানে দেখুৱায় যে ৰাহুল দ্ৰাবিড়ৰ দেশৰ ক্ৰিকেট আন্তঃগাঁথনিৰ তৃণমূল পৰ্যায়ৰ ওপৰত থকা বিশ্বাসে অৱশেষত দলটোক পৰিপূৰ্ণ কৰিছে । কিয়নো দলত খেলুৱৈ বাছনিৰ ক্ষেত্ৰত নিৰ্বাচকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয় । ইতিমধ্যে পুৰুষৰ বিশ্বকাপৰ পিচৰ ভ্ৰমণত আই পি এলৰ বহুত যুৱ প্ৰদৰ্শকে অহা বছৰৰ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে তেওঁলোকৰ বেট আৰু বলিঙৰ যাদু দেখুৱাবলৈ চেষ্টা কৰা দেখা গৈছে ।
২০ বছৰীয়া এই যুৱসকলৰ দক্ষতা বহুমুখী আৰু ই কেৱল প্ৰতিভাৰ বিষয়ে নহয় । তেওঁলোকৰ ক্ৰিকেটৰ প্ৰতি বিশ্বাস আছে । তেওঁলোকৰ ভিতৰত এনে খেলুৱৈও আছে যি অতি সাধাৰণ পৰিয়ালৰ পৰা আহিছে আৰু এটা অভাৰত ৫ টা ছিক্সাৰ কোৱাই নিশাটোৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছে । জীৱিকাৰ বাবে 'পানীপুৰি' বা 'গোলগাপ্পা' বিক্ৰী কৰি শেষত ভাৰতীয় দলৰ নীলা পোছাক পিন্ধাৰ সুযোগ পাইছে ।
মাত্ৰ ২৪ বছৰ বয়সতে গিলে নিজকে ভাৰতৰ আটাইতকৈ নিৰ্ভৰযোগ্য অপেনাৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে । যাৰ বাবে আইপিএলত হাৰ্দিক পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছলৈ যোৱাৰ পিচত তেওঁক ইতিমধ্যে গুজৰাট টাইটানছৰ অধিনায়ক হিচাপে বাছনি কৰা হৈছে ।
তেওঁৰ বেটিং ষ্টাইল আকৰ্ষণীয় । তেওঁ শচীন তেণ্ডুলকাৰৰ দৰে তাৰকা খেলুৱৈৰ অনুগামী হৈ আজি ভাৰতীয় ক্ৰিকেটত আক্ৰমণাত্মক বেটাৰ হিচাপে পৰিগণিত হৈছে । তেওঁ যথেষ্ট চাপৰ মাজতো মনোবল স্থিৰ ৰাখি খেলবোৰ সমাপ্ত কৰাত পাৰ্গত । বিশ্বকাপৰ সময়ত তেওঁ যথেষ্ট সফল নহ'লেও গোটেই বছৰটোত আকৰ্ষণীয় ইনিংছ খেলিবলৈ সক্ষম হৈছিল । ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) তেওঁ গুজৰাট টাইটানছৰ হৈ ৮৯৬ ৰাণ সংগ্ৰহ কৰে আৰু ভাৰতীয় দলৰ হৈ খেলাৰ ক্ষমতা প্ৰদৰ্শন কৰে ।
কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক ৰাণ কৰা যুৱ ব্ৰিগেডৰ ভিতৰত গিল কেৱল দেখিবলৈ সুন্দৰ নহয় তেওঁ যিধৰণে সূক্ষ্মতা আৰু শান্তভাৱে ৰাণ সংগ্ৰহ কৰে সেয়া প্ৰতিগৰাকী ক্ৰিকেটপ্ৰেমীৰ বাবে দৰ্শনীয় । তেওঁৰ নিৰ্ভীক বেটিং আৰু কৌশলগত খেল-পৰিকল্পনাই তেওঁক বিশ্বকাপ দলত এক আকাংক্ষিত স্থান অৰ্জন কৰাত সহায় কৰিছিল । শ্ৰীলংকাৰ বিৰুদ্ধে তেওঁৰ গুৰুত্বপূৰ্ণ ৮৪ ৰাণৰ ইনিংছে সৰ্বোচ্চ পৰ্যায়ত নিজৰ দক্ষতা প্ৰমাণ কৰে ।
কেৱল শুভমন গিলেই নহয় আশ্চৰ্যজনকভাৱে ৰিংকু সিঙেও ভাৰতীয় ক্ৰিকেটত বিশেষ গুৰুত্ব লাভ কৰিছে । চাফাই কৰ্মীৰ কাম প্ৰত্যাখ্যান কৰি আই পি এল খেলিবলৈ অহা ৰিংকু সিঙে এটা অভাৰত ৫ টা ছিক্সাৰ কোবাই সকলোকে আচৰিত কৰি তুলিছিল। তাৰ পিচতে আছে যশস্বী জয়ছোৱাল। যিয়ে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মাত্ৰ ৬২ টা বলত তেওঁৰ ১২৪ ৰাণৰ বৃহৎ ইনিংছ খেলি ভাৰতীয় দলৰ বাবে তেওঁৰ যোগ্যতা প্ৰদৰ্শন কৰিছিল ।