নিউজ ডেস্ক, 4 ডিচেম্বৰ : আমি উপনীত হৈছো 2021 চনৰ অন্তিম মাহত ৷ য়াহুৱে বছৰটোৰ শেষৰ মাহটোতে 2021 বৰ্ষৰ "ৰিভিউ ফৰ ইণ্ডিয়া" মুকলি কৰিছে ৷ সমীক্ষা অনুসৰি, চলিত বৰ্ষৰ ছেপ্তেম্বৰ মাহত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা সিদ্ধাৰ্থ শুক্লাই সৰ্বাধিক সন্ধান কৰা চেলিব্ৰিটি(highest search celebraty of the year)ৰ তালিকাত শীৰ্ষস্থান দখল কৰে ৷
ইয়াৰ লগতে কিং খান খ্যাত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে ২০২১ বৰ্ষৰ শীৰ্ষ নিউজ মেকাৰত স্থান লাভ কৰে ৷ য়াহুৰ "Year In Review"ত ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ search option ৰ ওপৰত ভিত্তি কৰি বছৰটোৰ শীৰ্ষ ব্যক্তিত্ব, news maker আৰু উল্লেখযোগ্য ঘটনাবোৰ তালিকাভুক্ত কৰা হৈছে ৷
লগতে চাওক:তু য়হী হ্যেঃ হৃদয়স্পৰ্শী গীতেৰে সিদ্ধাৰ্থলৈ শ্ৰদ্ধাঞ্জলি শ্বেহনাজ গীলৰ
সিদ্ধাৰ্থ শুক্লাই ৪০ বছৰ বয়সত বিগত ২ ছেপ্তেম্বৰত শেষ নিশ্বাস ত্যাগ কৰিছিল ৷ তেওঁৰ মৃত্যুৰ খবৰে অনুৰাগীসকলক একপ্ৰকাৰ স্তব্ধ কৰি তুলিছিল ৷ সম্প্ৰতি য়াহুৰ তালিকাত প্ৰকাশ পোৱা অনুসৰি, অভিনেতাগৰাকী 2021 চনৰ আটাইতকৈ বেছি সন্ধান কৰা পুৰুষ চেলিব্ৰিটি আছিল ৷ চুপাৰষ্টাৰ ছলমান খান আৰু তেলেগু অভিনেতা আল্লু অৰ্জুনে ক্ৰমান্বয়ে তালিকাৰ 2 আৰু 3 নম্বৰ স্থান লাভ কৰিছে ৷ ২৯ অক্টোবৰত মৃত্যু হোৱা কানাড়া অভিনেতা পুনীত ৰাজকুমাৰে তালিকাৰ চতুৰ্থ স্থান লাভ কৰে ৷ চলিত বৰ্ষতে ৯৮ বছৰ বয়সত মৃত্যু হোৱা কিংবদন্তি অভিনেতা দিলীপ কুমাৰ তালিকাৰ পঞ্চম স্থানত আছে ৷