নেশ্যনেল ডেস্ক,২৮ এপ্ৰিল :সুদীৰ্ঘ ১১০ বছৰৰ অন্তত হাৰিয়ানাৰ উত্তৰ প্ৰান্তত অৱস্থিত যমুনানগৰৰ কালেশৰ ৰাষ্ট্ৰীয় উদ্যানত বাঘ প্ৰত্যক্ষ কৰা হয় (Bengal Tiger seen after 110 years)। ইয়াৰ পূৰ্বে ১৯১৩ চনত শেষবাৰৰ বাবে কালেশৰ পাৰ্কত বাঘ দেখা পোৱা গৈছিল (Bengal Tiger seen after 1913)।
১৮ এপ্ৰিলৰ নিশা প্ৰায় ১১.৪৫ বজাত আৰু ১৯ এপ্ৰিলৰ পুৱা ২.৪৬ বজাত বনাঞ্চলত স্থাপন কৰা ফ্লেছ আৰু ক্লিক কেমেৰাত বাঘৰ দৃশ্য বন্দী হৈছে । কেমেৰাৰ ফুটেজত বাঘটো প্ৰত্যক্ষ কৰাৰ লগে লগে বনকৰ্মীসকলে শীৰ্ষ কৰ্তৃপক্ষক অৱগত কৰিছে । তাৰ পাচতে বাঘটোৰ দুখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Bengal Tiger photo viral)।
অৱশ্যে সামাজিক মাধ্যমত একাংশ লোকে বাঘটোৰ ফটোখনক উৰাবাতৰি বুলি অভিহিত কৰিছে (Kalesar National Park tiger photo)। কিন্তু বৃহস্পতিবাৰে সন্ধিয়া হাৰিয়ানাৰ বনমন্ত্ৰী কানৱাৰ পাল গুৰ্জাৰে তেওঁৰ সামাজিক মাধ্যমত এই ফটোবোৰ শ্বেয়াৰ কৰে । বন মন্ত্ৰী কানৱাৰ পালে আনন্দ প্ৰকাশ কৰি কয় যে বন্য জন্তুবোৰক প্ৰাকৃতিকভাৱে সুৰক্ষা প্ৰদান কৰা সকলোৰে দায়িত্ব ।