নিউজ ডেস্ক, 19 জুলাই : পূৰ্বৰ সকলো অভিলেখ ভংগ কৰাৰ পিছত, যমুনাৰ নদীৰ জলস্তৰ বৰ্তমান বিপদসীমাৰ কিছু তললৈ আহিছে ৷ বুধবাৰে পুৱা, পুৰণি লোৰ দলঙৰ ওচৰত যমুনা নদীৰ জলস্তৰ 205.30 মিটাৰ পোৱা গৈছিল ৷ আনহাতে বিপদ সীমা হৈছে 205.33 মিটাৰ ৷ ধাৰাসাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ প্ৰায় ন দিনৰ পিছত নদীৰ জলস্তৰ বিপদসীমাৰ কিছু তললৈ নামি আহিছে ৷
শুকুৰবাৰে যমুনা নদীৰ জলস্তৰে অভিলেখেৰে 208.66 মিটাৰত উপনীত হোৱাৰ পিছত সোমবাৰে পুৱা 7 বজাত 205.45 মিটাৰলৈ নামি অহা পৰিলক্ষিত হয় ৷ সোমবাৰে পুনৰ জলস্তৰ বৃদ্ধি হোৱা দেখা গ’ল যদিও, মঙলবাৰৰ পৰা পুনৰবাৰ জলস্তৰ হ্ৰাস পাবলৈ ধৰে আৰু বুধবাৰে পুৱা যমুনাৰ জলস্তৰ বিপদ সীমাৰ তলত উপনীত হয় ৷
প্ৰশাসনে কয় যে, শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই ৷ কিন্তু হিমাচল আৰু উত্তৰাখণ্ডত আগন্তুক কেইদিনমানৰ বাবে জাৰি কৰা বৰষুণৰ সতৰ্কবাণীৰ বাবে, যদিহে পাহাৰীয়া অঞ্চলত বৰষুণ হয় তেন্তে যমুনা নদীৰ জলস্তৰ পুনৰ বৃদ্ধি পাব পাৰে ৷ এইবাৰ যমুনাৰ বানপানীয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে ৷ বানপানীৰ পানী আউটাৰ ৰিং ৰোডৰ লগতে আৱাসিক কলনীসমূহত প্ৰৱেশ কৰিছিল ৷