আগৰতলা,২৪ মাৰ্চ :ত্ৰিপুৰাৰ এগৰাকী মহিলালৈ নীতি আয়োগৰ বিশেষ সন্মান । অক্ষ্যা শ্ৰী নামৰ মহিলাগৰাকীক ৱমেন ট্ৰান্সফৰ্মিং ইণ্ডিয়াৰ সন্মান (WTI Awards) প্ৰদান কৰিলে নীতি আয়োগে (Tripura girl honoured as Women Transforming India)। উল্লেখ্য যে, দেশৰ প্ৰায় ৭৫ গৰাকী মহিলাক প্ৰদান কৰা হৈছে এই বিশেষ সন্মান (75 women have been given WTI Awards)। তাৰ ভিতৰত ত্ৰিপুৰাৰ টাড উদ্যোগ প্ৰা. লি.ৰ অক্ষ্যা শ্ৰী অন্যতম ।
প্ৰেছ ইনফ'ৰ্মেচন ব্যুৰ'ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ভাৰতক শক্তিশালী আৰু সামৰ্থ্যবান কৰাৰ ক্ষেত্ৰত মহিলাসকলে ধাৰাবাহিকভাৱে অৱদান আগবঢ়াই আহিছে । বিভিন্ন ক্ষেত্ৰত মহিলাসকলৰ উল্লেখযোগ্য সাফল্যৰ স্বীকৃতি স্বৰূপে নীতি আয়োগে ৱমেন ট্ৰান্সফৰ্মিং ইণ্ডিয়া বঁটা প্ৰদান কৰিছে । ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰাৰ উদ্দেশ্যে আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে এই বঁটা ৭৫ গৰাকী মহিলাক প্ৰদান কৰা হৈছে ।