অসম

assam

বিনেশ ফোগাটক নিলম্বন ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ

By

Published : Aug 11, 2021, 11:24 AM IST

Tokyo Olympics ত অনুশাসন ভংগ কৰাৰ অভিযোগত বিনেশ ফোগাটক অস্থায়ীভাৱে নিলম্বন কৰা হৈছে । অনুশাসন ভংগৰ অপৰাধত নিলম্বন খেলুৱৈগৰাকীক ৷

Wrestling Federation Of India "Temporarily" Suspends Vinesh Phogat For Indiscipline
বিনেশ ফৌগাট অস্থায়ীভাৱে নিলম্বন ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ

নিউজ ডেস্ক, 11 আগষ্ট :ভাৰতীয় মল্লযুঁজাৰু বিনেশ ফোগাটক ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়া(Wrestling Federation Of India)ই অস্থায়ীভাৱে নিলম্বন কৰিছে । টকিঅ’ অলিম্পিকৰ সময়চোৱাত অনুশাসন ভংগ কৰাৰ অভিযোগত ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াই অস্থায়ীভাৱে নিলম্বন কৰিছে বিনেশ ফোগাটক ৷ ফেডাৰেছনে ভাৰতীয় মল্লযুঁজাৰুগৰাকীক ১৬ আগষ্টৰ ভিতৰত ইয়াৰ স্পষ্টীকৰণ দিবলৈ জাননী প্ৰেৰণ কৰিছে ।

এইবাৰ টকিঅ’ অলিম্পিকত বিনেশ ফোগাট স্বৰ্ণ জয় কৰিব বুলি দেশবাসীয়ে আশা কৰিছিল ৷ কিন্তু সেই সপোন পূৰণ নহ’ল দেশবাসীৰ । কোৱাৰ্টাৰ ফাইনেলত বেলাৰুছৰ ভানেছা কালাডজিনস্কায়া(Belarus' Vanesa Kaladzinskaya)ৰ হাতত পৰাস্ত হয় বিনেশ ৷ ইয়াৰ লগতে ভাৰতৰ মল্লযুঁজত আন এটা পদক লাভৰ আশাও ভংগ হয় ৷

অলিম্পিকৰ সময়ত বিনেশে অলিম্পিক ভিলেজত থাকিবলৈ অমান্তি হৈছিল ৷ তেওঁৰ দলীয় লগ’ৰ পোছাক পৰিধান কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বিপৰীতে ব্যক্তিগত নাইকৰ লগ’ যুক্ত পোছাক পৰিধান কৰি একক শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল । তদুপৰি অলিম্পিক অভিযান আৰম্ভ হোৱাৰ পূৰ্বে বিনেশে তেওঁক প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ফিজিঅ'থেৰাপিষ্টক অনুমতি নিদিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছিল । বিনেশে টুইট কৰি এই সন্দৰ্ভত প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছিল ।

মল্লযুঁজাৰুগৰাকীয়ে হাংগেৰীৰ পৰা টকিঅ'লৈ অহাৰ সময়ত তেওঁক খেলুৱৈ সোণম মালিক, অংশু মালিক আৰু সীমা বিছলাৰ কোঠাৰ ওচৰত আন এটা কোঠা দিয়া হৈছিল ৷ যাৰ বাবে ফোগাটে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল । উল্লেখ্য যে, ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াই জাৰি কৰা জাননীখনত অনুশাসন উলংঘনৰ তিনিটা গোচৰ সন্নিৱিষ্ট কৰা হৈছে ।

লগতে পঢ়ক :7 আগষ্টক ‘জেভলিন থ্ৰ’ দিৱস’ হিচাপে উদযাপনৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details