নেশ্যনেল ডেস্ক,২ জুন :দেশৰ একাংশ মল্লযুঁজাৰু আৰু ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি তথা বিজেপি নেতা ব্ৰীজ ভূষণ চৰণ সিঙৰ সংঘাত অব্যাহত আছে (WFI Chief vs Wrestlers)। ব্ৰীজ ভূষণৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদো অব্যাহত আছে (Protest against Brij Bhushan)। ইফালে বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে কনট প্লেচ আৰক্ষী থানাত দুখনকৈ এজাহাৰ দাখিল কৰা হৈছে । এই এজাহাৰৰ ভিত্তিত এক পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । প্ৰথম এজাহাৰখন নাবালিকাৰ দ্বাৰা উত্থাপন কৰা বিভিন্ন অভিযোগৰ ওপৰত আধাৰিত ।
দ্বিতীয় এজাহাৰখন আন ৬ গৰাকী মল্লযুঁজাৰুৰ দ্বাৰা উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ ওপৰত আধাৰিত । এজাহাৰখনত, ভুক্তভোগী মহিলা মল্লযুঁজাৰুসকলে অভিযোগ কৰিছে যে ব্ৰীজ ভূষণৰ বাবে তেওঁলোকৰ কেৰিয়াৰ বিপদত পৰিছে । তেওঁৰ বাবেই সঠিকভাৱে অনুশীলন কৰিবলৈ বা খেলিবলৈ সক্ষম হোৱা নাছিল বুলিও মল্লযুঁজাৰুসকলে উল্লেখ কৰে । এগৰাকী মল্লযুঁজাৰুই অভিযোগ কৰিছে যে ব্ৰীজ ভূষণ শৰণ সিঙে ইচ্ছাকৃতভাৱে খেলুৱৈসকল থকা হোটেলৰ একেটা মহলাতে তেওঁৰ কোঠাটো বুক কৰিছিল য'ত খেলুৱৈসকলৰ ওপৰত তেওঁ উৎপীড়ন চলাইছিল (Allegation against WFI Chief)।
মল্লযুঁজাৰুসকলে অভিযোগ কৰা মতে ২০২১ চনত তেওঁলোকে বুলগেৰিয়াত খেলিবলৈ গৈছিল । ব্ৰীজ ভূষণেও হোটেলত তেওঁলোকৰ সৈতে আছিল । হোটেলত, তেওঁ লুঙি পিন্ধি ঘূৰি ফুৰিছিল আৰু খেলুৱৈসকলৰ সৈতে জোৰকৈ কথা পাতিছিল । তেওঁ মহিলা মল্লযুঁজাৰুসকলক খাবলৈ বস্তু দিছিল যিবোৰ খেলুৱৈসকলৰ বাবে নাছিল । এই অজুহাতত, তেওঁ মহিলা মল্লযুঁজাৰুসকলৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকৰ কাষ চাপিবলৈ চেষ্টা কৰিছিল ।
নাবালিকা মল্লযুঁজাৰুৱে অভিযোগ কৰিছে যে তেওঁ এটা পদক লাভ কৰিছিল । ইয়াৰ পাছত, ব্ৰীজ ভূষণে তেওঁৰ সৈতে ফটো তোলাৰ অজুহাতত তেওঁক জোৰেৰে ধৰিছিল । কেৱল এয়াই নহয় মহিলা মল্লযুঁজাৰুগৰাকীৰ গোপন স্থানত স্পৰ্শ কৰিছিল বুলিও অভিযোগ কৰিছে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ।