স্পৰ্টছ ডেস্ক,৯ জুন :মল্লযুঁজাৰুসকলে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰক সাক্ষাৎ কৰাৰ পাছতে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তুলিছে (Investigation against Brij Bhushan Singh)। ইয়াৰ মাজতে দিল্লী আৰক্ষীয়ে আদালত জনাইছে যে প্ৰতিবাদৰ সময়ত মল্লযুঁজাৰুসকলে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে কোনো ঘৃণামূলক ভাষণ দিয়া নাছিল । মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে কৰা এক আবেদনৰ উত্তৰত দিল্লী আৰক্ষীয়ে এই কথা স্পষ্ট কৰে ।
উল্লেখ্য যে ভাৰতীয় মল্লযুঁজ ফেডাৰেশ্যনৰ সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি মল্লযুঁজাৰুসকলে দীৰ্ঘদিন ধৰি প্ৰতিবাদ কৰি আহিছে (Wrestler Protest)। এই সন্দৰ্ভত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ বাবে মল্লযুঁজাৰুসকলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়াৰ দাবীত এখন আবেদন দাখিল কৰা হৈছিল ।
আবেদনকাৰীয়ে কৈছিল যে মল্লযুঁজাৰুসকলে ব্ৰীজ ভূষণৰ বিৰুদ্ধে ঘৃণামূলক ভাষণ দিয়াৰ লগতে মিছা অভিযোগ উত্থাপন কৰিছিল (Petition for registration of FIR against wrestler)। আবেদনকাৰীয়ে দাবীবোৰক সমৰ্থন জনাবলৈ আদালতৰ সন্মুখত এটা ভিডিঅ' প্ৰদান কৰিছিল । একেটা ভিডিঅ' দিল্লী আৰক্ষীকো দিয়া হৈছিল । আদালতে এই সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল ।