নিউজ ডেস্ক, ১ জুন :দিল্লীৰ পৰা গৈ এইবাৰ উত্তৰ প্ৰদেশত বলিছে মল্লযোদ্ধাৰ প্ৰতিবাদৰ বতাহ । তাত যুগুত হ'ব প্ৰতিবাদী মল্লযোদ্ধাসকলৰ ন্যায় যুদ্ধৰ প্ৰতিবাদৰ পৰৱৰ্তী ৰণনীতি । উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ সোৰাম গাঁৱত মল্লযোদ্ধাসকলৰ এই প্ৰতিবাদৰ বিষয়টো আলোচনা কৰিবলৈ এখন 'মহাপঞ্চায়ত' আৰম্ভ হৈছে (Mahapanchayat in Uttar Pradeshs Muzaffarnagar) । অনুষ্ঠানত ভাষণ প্ৰদান কৰি কৃষক নেতা ৰাকেশ টিকায়েটে কয় যে খাপৰ এজন প্ৰতিনিধিয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুক সাক্ষাৎ কৰিব (Khap representative to meet Draupadi Murmu) ।
"খাপৰ এজন প্ৰতিনিধিয়ে ৰাষ্ট্ৰপতি আৰু চৰকাৰক সাক্ষাৎ কৰিব । খাপ আৰু এই যুৱতীসকল (মল্লযোদ্ধা) পৰাজিত হ'ব নোৱাৰে ।" মল্লযোদ্ধাসকলৰ প্ৰতিবাদত ৰাকেশ টিকায়েটে কয় (Mahapanchayat in UP supporting Wrestlers Protest) ।
উল্লেখ্য, অলিম্পিয়ান বজৰং পুনিয়া (Olympians Bajrang Punia), সাক্ষী মালিক আৰু বিনেশ ফোগাটকে ধৰি শীৰ্ষ কুস্তিবিদসকলে মহিলা মল্লযুঁজাৰুসকলৰ যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ভাৰতীয় কুস্তি ফেডাৰেচনৰ (WFI chief Brij Bhushan Sharan Singh) মুৰব্বী তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে ।
মহাপঞ্চায়তখন কৃষক নেতা তথা বালিয়ান খাপৰ মুৰব্বী নৰেশ টিকায়েটে আহ্বান জনাইছে । ইয়াৰ পূৰ্বে মল্লযোদ্ধাসকলে মঙলবাৰে হৰিদ্বাৰত গংগা নদীত তেওঁলোকৰ বিশ্ব আৰু অলিম্পিকৰ পদক বিসৰ্জন দিয়াৰ সিদ্ধান্ত লৈছিল । কিন্তু নৰেশ টিকায়েটৰ হস্তক্ষেপৰ পিছত তেওঁলোকে এই পদক্ষেপৰ পৰা বিৰত থাকে । মহাপঞ্চায়তখনত উত্তৰ প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, ৰাজস্থান আৰু দিল্লীৰ খাপ নেতাসকলে অংশগ্ৰহণ কৰিছে (sexual harassment accused Brij Bhushan) ।