অসম

assam

ETV Bharat / bharat

Wrestlers Ultimatum Ends : আজি সমাপ্ত মল্লযোদ্ধাৰ চৰমসীমা; মিথ্যাচাৰৰ বিৰুদ্ধে সতৰ্কবাৰ্তা ব্ৰীজ ভূষণৰ - WFI president Brij Bhushan Sharan Singh

ভাৰতীয় ৰেষ্টলিং ফেডাৰেচনৰ মুৰব্বী তথা বিজেপি সাংসদ ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে তেওঁলোকৰ আন্দোলন বিশ্ব অলিম্পিক চেম্পিয়নলৈ লৈ যোৱাৰ ভাবুকি দিছিল । প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলে প্ৰদান কৰা ১৫ দিনীয়া চৰমসীমাৰ আজি অন্তিম দিন (Wrestlers Ultimatum Ends) । আনহাতে, ব্ৰীজ ভূষণে মল্লযোদ্ধাসকলক সমালোচনা কৰি যৌন শোষণ সম্পৰ্কীয় আইন সলনি কৰিবলৈ আহ্বান জনায় ।

Wrestlers Ultimatum Ends
Wrestlers Ultimatum Ends

By

Published : May 21, 2023, 10:07 PM IST

নিউজ ডেস্ক, ২১ মে' : নিজৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ মাজতে বিজেপি সাংসদ তথা ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি ব্ৰীজ ভূষণ চৰণ সিং (sexual harassment against WFI president) দেওবাৰে উত্তৰ প্ৰদেশৰ গোণ্ডাত উপস্থিত হয় । নিজৰ ভ্ৰমণকালত তেওঁ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । উল্লেখ্য, যৌন নিৰ্যাতনৰ অভিযোগত ব্ৰীজ ভূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ২৩ এপ্ৰিলৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মল্লযোদ্ধাসকলে (wrestlers protest against Brij Bhushan) । তাৰ মাজতে তাৰকা মল্লযোদ্ধা বজৰং পুনিয়া, সাক্ষী মালিক আৰু বিনেশ ফোগাটক পুনৰ তীব্ৰ আক্ৰমণ কৰে ব্ৰীজ ভূষণে ।

আনহাতে, ব্ৰীজ ভূষণৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে শীৰ্ষ মল্লযোদ্ধাসকলে কেন্দ্ৰক দিয়া চৰমসীমাৰ দেওবাৰে অন্তিম দিন (Wrestlers Ultimatum Ends) । তেওঁলোকে ভাবুকি দিছিল যে যদি তেওঁলোকৰ দাবী ২১ মে'ৰ ভিতৰত পূৰণ কৰা নহয়, তেন্তে তেওঁলোকৰ আন্দোলন বিশ্ব অলিম্পিক খেলুৱৈসকলৰ ওচৰলৈ লৈ যাব (WFI president Brij Bhushan Sharan Singh) ।

ইয়াৰ প্ৰত্যুত্তৰত ব্ৰীজ ভূষণে মল্লযোদ্ধাসকলক সমালোচনা কৰি কয় যে যদি কোনোবাই মিছা ক'বলৈ আগ্ৰহী হয়, তেন্তে ই আন কাৰোবাৰ জীৱন ধ্বংস কৰিব পাৰে (Brij Bhushan cautions against telling lies) । উল্লেখ্য, সাংসদজনে অহা ৫ জুনত অযোধ্যা যাত্ৰাৰ আহ্বান জনাইছে । তেওঁ লগতে কয় যে যৌন উৎপীড়নৰ অভিযোগৰ বাবে প্ৰতিঘণ্টাত দুই শতাধিক যুৱকে আত্মহত্যা কৰি থকা বুলি এক উদ্বেগজনক প্ৰতিবেদন প্ৰকাশ পাইছে ।

এই প্ৰতিবেদনৰ উদ্ধৃতি দি ব্ৰীজ ভূষণে আনকি যৌন শোষণৰ সৈতে সম্পৰ্কিত বৰ্তমানৰ আইন সলনিৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । তেওঁ প্ৰতিবাদৰত মল্লযোদ্ধাসকলক সমালোচনা কৰাৰ উপৰি অযোধ্যাত অনুষ্ঠিত হ'বলগীয়া সজাগতা সমদলত জনসাধাৰণৰ পৰা সমৰ্থন বিচাৰে । তেওঁ কয় যে ৫ জুনত অযোধ্যাৰ ৰাম কথা উদ্যানত সমগ্ৰ দেশৰ সাধুসকল উপস্থিত থাকিব ।

বিজেপি সাংসদজনে লগতে কয় যে সাধু-সন্তসকলৰ আহ্বানত তাত কমেও ১১ লাখ লোক একত্ৰিত হ'ব । সাধুসকলে আগবঢ়োৱা সজকথা সিদিনা সমগ্ৰ দেশে শুনিব । সাধুসকলে কেৱল আপোনালোকৰ বাবে, আপোনালোকৰ কল্যাণৰ বাবে আৰু আপোনালোকৰ ভৱিষ্যতৰ কথা ক'ব । তেওঁ কয় যে সাধাৰণ মানুহৰ কণ্ঠস্বৰ দমন কৰিব পাৰি, কিন্তু দেশৰ সাধুসকলৰ কণ্ঠস্বৰ দমন কৰিব নোৱাৰি ।

আনহাতে, ৰাজনীতিৰ পৰা অৱসৰৰ কথা উল্লেখ কৰি ব্ৰীজ ভূষণ চৰণে কয়, "মই ২০১৪ চনতে ৰাজনীতিৰ পৰা অৱসৰ ল'ব বিচাৰিছিলোঁ । ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত মই বাহৰাইচত অমিত শ্বাহক লগ পাইছিলোঁ আৰু তেওঁক এইকথা কৈছিলোঁ । কিন্তু তেওঁ মোক অৱসৰ ল'বলৈ নিদিলে । তেওঁ কৈছিল যে আপুনি নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াওক ।"

লগতে পঢ়ক :Congress Election Strategy Review : নিৰ্বাচনমুখী ৰাজ্যসমূহত কংগ্ৰেছৰ ৰণনীতি পৰ্যালোচনা বৈঠক

ABOUT THE AUTHOR

...view details