নিউজ ডেস্ক, 30 মে’: দেশজুৰি তোলপাৰ লগাইছে ভাৰতীয় মল্লযুঁজাৰুসকলৰ প্ৰতিবাদে (wrestlers protest in Delhi) ৷ মঙলবাৰে এই প্ৰতিবাদৰ অংশস্বৰূপে মল্লযুঁজাৰুসকলে বিয়লি 6 বজাত হৰিদ্বাৰৰ গংগা নদীত তেওঁলোকৰ পদকসমূহ বিসৰ্জন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Wrestlers halt consigning medals to Ganga)৷ ইতিমধ্যে আজি বিয়লি মল্লযুঁজাৰুসকলে পদক বিসৰ্জন দিবলৈ হৰিদ্বাৰত উপস্থিত হৈছিল ৷
ইয়াৰ পিচতে মল্লযুঁজাৰুসকলক সাক্ষাৎ কৰে কৃষক নেতা নৰেশ টিকাইতে ৷ কৃষক নেতাগৰাকীয়ে প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকক পদকসমূহ বিসৰ্জন নিদিবলৈ বুজনি দিয়ে ৷ ইয়াৰোপৰি কৃষক নেতাগৰাকীয়ে মল্লযুঁজাৰুসকলৰ পৰা 5 দিনৰ সময়সীমা বিচাৰে (serve 5 day ultimatum to Centre) ৷
দেশৰ তাৰকা মল্লযুঁজাৰুসকলে তেওঁলোকৰ পদকসমূহ বিসৰ্জন কৰিব বুলি কৰা ঘোষণাৰ পিচতেই হৰিদ্বাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অজয় সিঙে কৈছিল যে, আৰক্ষীয়ে মল্লযোদ্ধাসকলক গংগাত তেওঁলোকৰ পদক বিসৰ্জন কৰা কৰাত বাধা প্ৰদান নকৰে ৷
প্ৰখ্যাত মল্লযোদ্ধা তথা অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াই (Olympic medalist Bajrang Punia) তেওঁৰ টুইটাৰ একাউণ্টত এই ঘোষণা কৰিয়েই হিন্দীতে লিখা এখন পত্ৰ শ্বেয়াৰ কৰি অভিযুক্ত সাংসদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে গভীৰ হতাশা ব্যক্ত কৰে । পত্ৰখনত মল্লযুঁজাৰুগৰাকীয়ে উল্লেখ কৰিছিল যে, তেওঁলোকৰ পদকসমূহ পবিত্ৰ গংগা নদীত বিসৰ্জন দিবলৈ বাধ্য কৰোৱা যেন অনুভৱ কৰিছে । কিয়নো তেওঁলোকৰ আন সকলো বিকল্প শেষ হৈ গৈছে । তেওঁলোকৰ প্ৰতিবাদ আৰু সম্ভাৱ্য আমৰণ অনশনৰ সতৰ্কবাণীৰ সত্ত্বেও সংশ্লিষ্ট সাংসদজনক তিলমানো টলাব পৰা নাই (Wrestlers Federation of India controversy) ।