নেশ্যনেল ডেস্ক, ১২ জুন : ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মল্লযুঁজাৰুসকলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে (Wrestler Vinesh Phogat Allegation Government) ৷ মল্লযুঁজাৰুসকলে কয় যে ভাৰতীয় মল্লযুঁজৰ বিদায়ী সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙক বচাবলৈ চৰকাৰে চেষ্টা চলাইছে ৷ ব্ৰীজ ভূষণ উত্তৰ প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদো ।
৭ জুনত ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে আশ্বাস দিছিল যে ১৫ জুনৰ ভিতৰত ব্ৰীজ ভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হ’ব ৷ এই আশ্বাসৰ পাচতে মল্লযুঁজাৰুসকলে প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰি দিছিল । ২৩ এপ্ৰিলত দিল্লীৰ যন্তৰ মন্তৰত বিদায়ী ডব্লিউ এফ আই(WFI) ৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে পুনৰ আন্দোলন আৰম্ভ কৰাৰ পিচৰে পৰা মল্লযুঁজাৰুসকলে তেওঁক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আহিছে ।
অৱশ্যে মল্লযুঁজাৰুসকলৰ কেইবাটাও দাবী চৰকাৰে মানি লৈছে ৷ য’ত ব্ৰীজ ভূষণৰ কোনো পৰিয়ালৰ সদস্য বা সহযোগীকে আগন্তুক ডব্লিউ এফ আইৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ব ৷ অলিম্পিকৰ পদক বিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া আৰু বিনেশ ফ’গাটৰ নেতৃত্বত মল্লযুঁজাৰুসকলে কয় যে যেতিয়ালৈকে ব্ৰীজ ভূষণ সিঙক কাৰাগাৰত ৰখা নহয়, তেতিয়ালৈকে তেওঁলোকে এই প্ৰতিবাদৰ অন্ত নেপেলায় ৷
বিশ্ব চেম্পিয়নশ্বিপত দুবাৰকৈ পদক লাভ কৰা বিনেশ ফ’গাটে দেওবাৰে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰে (Wrestler Vinesh Phogat) । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মল্লযুঁজাৰুৰ বৈঠকৰ বিষয়ে সোধাত তেওঁ কয়, ‘‘আমাৰ বাবে ইমানখিনি কৰিব পৰাকৈ কিছুমান প্ৰস্তাৱ আগবঢ়াইছে । কিন্তু ব্ৰীজ ভূষণক গ্ৰেপ্তাৰ কৰাৰ বাহিৰে বাকী সকলো কাম হৈ আছে’’ ৷