নিউজ ডেস্ক, 10 জুন:দেশজুৰি চৰ্চা অব্যাহত আছে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদক লৈ (Wrestlers protest update news) ৷ প্ৰতিবাদকাৰী মল্লযুঁজাৰু সাক্ষী মালিকে শনিবাৰে কয় যে, তেওঁলোকৰ সকলোবোৰ সমস্যা সমাধান হ’লেহে তেওঁলোকে আগন্তুক এছিয়ান গেমছত অংশগ্ৰহণ কৰিব ৷ নাবালিকা খেলুৱৈগৰাকীৰ প্ৰসংগ উত্থাপন কৰি মালিকে কয় যে নাবালিকাগৰাকীৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ কৰা হৈছিল (Sakshee Malikkh reaction)৷
"আপোনালোকে ভাবিবও নোৱাৰে যে আমি প্ৰতিদিনে মানসিকভাৱে কি পৰিস্থিতিৰ সন্মুখীন হৈ আছো (Sakshee Malikkh on Asian Games participation) ৷ যেতিয়ালৈকে ভাৰতীয় কুস্তী ফেডাৰেশ্যনৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ শৰণ সিং মুকলি আকাশৰ তলত থাকে তেনেহ’লে ভয় আৰু চাপৰ মাজত ছোৱালী খেলুৱৈসকলে দিন পাৰ কৰিব লাগিব (Wrestling Federation of India) ৷ সেয়েহে প্ৰথম দিনৰ পৰাই আমি চিঞৰি চিঞৰি ইয়াৰ বিৰোধিতা কৰিছো আৰু তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনাইছো। আমি দেখিছো যে কেনেকৈ নাবালিকা ছোৱালীজনীৰ বক্তব্য সলনি হৈছে (Brij Bhushan Sharan Singh)। যদি এনেদৰে এই প্ৰক্ৰিয়া অব্যাহত থাকে, ছোৱালী খেলুৱৈসকলৰ মনোবল ক্ৰমান্বয়ে ভাঙি যাব ৷" চনিপতত সংবাদ মাধ্যমৰ আগত সাক্ষী মালিকে এই মন্তব্য প্ৰকাশ কৰে ৷