নিউজ ডেস্ক, 9 জুন: দেশৰ ৰাজধানীত অব্যাহত থকা মল্লযুঁজাৰুসলৰ প্ৰতিবাদে লৈছে অন্য় মোৰ ৷ এগৰাকী নাবালিকা মল্লযুঁজাৰুৰ পিতৃয়ে অতি শেহতীয়াভাৱে কৰা এক মন্তব্যই নাটকীয়ভাৱে দৃশ্যপট সলনি কৰিছে সমগ্ৰ বিষয়টোৰ ৷ ব্যক্তিজনে উল্লেখ কৰে যে, ভাৰতীয় মল্লযুঁজ সন্থাৰ মুৰব্বী ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে তেওঁ ভুৱা অভিযোগ দাখিল কৰিছিল প্ৰতিশোধ ল’বৰ বাবে ৷ ব্যক্তিজনৰ এই মন্তব্যৰ পিচতে ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগত চলি থকা প্ৰতিবাদ শক্তিহীন হৈ পৰিব পাৰে বুলি আশংকা কৰা হৈছে (Father of minor wrestler) ৷
উল্লেখ্য যে, সাতগৰাকী মহিলা বক্সাৰে ব্ৰীজ ভূষণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তোলাৰ পিচতেই বিগত প্ৰায় ছমাহজুৰি প্ৰতিবাদ চলি আছিল বিজেপিৰ সাংসদ তথা ভাৰতীয় মল্লযুঁজ সন্থাৰ মুৰব্বীজনৰ বিৰুদ্ধে ৷ দেশে-বিদেশে মল্লযুঁজ খেলি পদক অৰ্জন দেশলৈ সুনাম কঢ়িয়াই অনা মল্লযুঁজাৰুসকল বিগত ছমাহে আখৰাৰ পৰিৱৰ্তে ৰাজপথত ব্যস্ত থাকিব লগীয়া হৈছে ন্যায় বিচাৰি ৷ শেহতীয়াকৈ এই প্ৰতিবাদে তীব্ৰ ৰূপ লয় যদিও এই ব্যক্তিগৰাকীৰ মন্তব্যই সকলোকে আচৰিত কৰি তুলিছে (False sexual harassment allegation) ৷
নাবালিকা মল্লযুঁজাৰুগৰাকীয়ে কৰা অভিযোগৰ বাবেই যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইনৰ চমুকৈ POSCO অধীনতো তদন্ত আৰম্ভ হৈছিল ব্ৰীজ ভূষণৰ বিৰুদ্ধে । হঠাৎ বিষয়টোৰ পৰিৱৰ্তনৰ সন্দৰ্ভত প্ৰশ্ন কৰাত নাবালিকাগৰাকীৰ পিতৃয়ে উল্লেখ কৰে যে, আদালতত নহয়, সত্য এতিয়াই ওলাই অহাটোৱেই ভাল । পিটিআইয়ে তেওঁৰ উদ্ধৃতিৰে কয়, ‘‘এতিয়া যেতিয়া পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰম্ভ হৈছে, তেতিয়া চৰকাৰে যোৱা বছৰ মোৰ ছোৱালীজনীৰ পৰাজয়ৰ (17 বছৰ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপৰ প্ৰস্তুতি মেচত) ন্যায্য প্ৰদানৰ তদন্তৰ প্ৰতিশ্ৰুতি দিছে ৷ গতিকে মোৰ ভুল শুধৰোৱাটোও মোৰ কৰ্তব্য ।’’(wrestlers protest latest news)