তেজপুৰ, 21 জানুৱাৰী: সুদীৰ্ঘ ৭৬ বছৰৰ অন্তত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত দুর্ঘটনগ্ৰস্ত হোৱা আমেৰিকাৰ এক যুদ্ধৰ সামগ্ৰী কঢ়িওৱা বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰ হ’ল অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত (wreckage of a WWII aircraft traced in Arunachal Pradesh)। ১৯৪৫ চনক ১৬ জানুৱাৰীৰ দিনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ এয়াৰ কৰ্পৰ প্ৰথম লেফটেনেণ্ট উইলিয়াম কে শ্বেয়াৰ আৰু আন ১২ জন লোক এই বিমানখনত চীনৰ কুনমিঙৰ পৰা অসমৰ চাবুৱালৈ উভতি অহাৰ পথত বিমানখন নিৰুদ্দেশ হৈছিল ।
যোৱা ডিচেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন গৱেষক ক্লেটন কুল্ছ নামদাফা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অৱস্থিত ডাফা বুমৰ এক বৰফৰ পৰ্বতত এই নিৰুদ্দিষ্ট চি ৪৬ বিমানখনৰ ধ্বংসাৱশেষ উদ্ধাৰ কৰে । মন কৰিবলগীয়া যে কুল্ছক এই নিৰুদ্দিষ্ট বিমানখনৰ সন্ধান উলিয়াবলৈ অনুৰোধ কৰিছিল উইলিয়াম কে শ্বেয়াৰৰ পুত্ৰ আৰু নিউয়ৰ্ক চহৰৰ বাসিন্দা ৭৮ বছৰীয়া বিল শ্বেয়াৰে । যেতিয়া এই চি ৪৬ (C 46) যুদ্ধ বিমানখনৰ নিৰুদ্দেশ খবৰ আহিছিল তেতিয়া বিলৰ বয়স আছিল মাত্ৰ ১৩ মাহ ।
কুল্ছে অৰুণাচল প্ৰদেশৰ লিচু সম্প্ৰদায়ৰ জনজাতীয় চিকাৰীসকলৰ সৈতে তুষাৰপাতৰ মাজত আঠদিন ধৰি ট্ৰেকিং কৰি অৱশেষত সাগৰ পৃষ্ঠৰ পৰা ১৩,০০০ ফুট উচ্চতাত বিমানখনৰ ধ্বংসাৱশেষ বিচাৰি পাইছিল । উক্ত অঞ্চলত বিজয় নগৰৰ পৰা কিছু নিলগত আৰু গান্ধী নগৰৰ কাষত ভাৰত বাৰ্মা সীমান্তত অৱস্থিত এলেকাটো লিচু সম্প্ৰদায়ৰ লোকসকলৰ বাসস্থলী ৷ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা নামদফা ৰাষ্ট্ৰীয় উদ্যানলৈ ৫১০ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰে প্ৰায় 14 ঘণ্টা সময়ৰ প্ৰয়োজন হয় ।