নেশ্যনেল ডেস্ক,১৫ অক্টোবৰ:আৰম্ভ হ'ল পৱিত্ৰ নৱৰাত্ৰি । পৱিত্ৰ নৱৰাত্ৰি উপলক্ষে সমগ্ৰ দেশতে দেখা গৈছে এক উখল-মাখল পৰিৱেশ । ইয়াৰ মাজতে চৰ্চাত বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ উদযাপন কৰা দশেৰা উৎসৱৰ প্ৰসংগ । ছত্তীশগড়ৰ বস্তাৰ জিলাত ব্যতিক্ৰমীভাৱে ৭৫ দিনীয়াকৈ উদযাপন কৰা হয় দশেৰা উৎসৱ । দেওবাৰৰে পৰা ইয়াৰ ৰীতি-নীতি আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।
৬০০ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি দেৱী 'কাচ্ছিন' ৰ অনুমতি লৈ ৰাজ পৰিয়ালে আৰম্ভ কৰে ৭৫ দিন ধৰি চলিবলগীয়া বিশ্বৰ আটাইতকৈ দীঘলীয়া দশেৰা উৎসৱ । পুৰণি ৰীতি-নীতি অনুসৰি দেৱী 'কাচ্ছিনে' বস্তাৰ জিলাৰ ৰাজ পৰিয়ালক দশেৰা উদযাপনৰ বাবে নিৰ্দেশ প্ৰদান কৰে । এই উৎসৱত এগৰাকী নাবালিকাক প্ৰতিকীৰূপত দেৱী 'কাচ্ছিন' হিচাপে গণ্য কৰা হয় । নাবালিকাগৰাকীয়ে কণ্টকৰ ডোলনাত ডোলি দশেৰা উদযাপন কৰিবলৈ 'ৰাজ পৰিয়াল'ৰ অনুমতি প্ৰদান কৰে ।
দশেৰা বুলি ক'লে সাধাৰণতে অন্যান্য প্ৰান্তত ৰাৱনৰ পুত্তলিকা দাহ কৰা হয় । কিন্তু, বস্তাৰ জিলাৰ এই দশেৰাত 'মহিষ মৰ্দিনী আদিশক্তি' ক পূজা আগবঢ়োৱা হয় । জিলাখনৰ জনজাতীয় সম্প্ৰদায়ে ইয়াত দশেৰা উদযাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ ৬০০ বছৰৰো অধিক সময় ধৰি জিলাখনৰ লোকসকলে এই উৎসৱ উদযাপন কৰি আহিছে ৷ এই উৎসৱৰ কহল স্থাপনা আৰু ৰথ যাত্ৰা আজিৰে পৰা আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।