নেশ্যনেল ডেস্ক,20 ডিচেম্বৰ : গুজৰাটত ৰিলায়েঞ্চ ইণ্ডাছষ্ট্ৰিজৰ উদ্যোগত প্ৰতিষ্ঠা কৰা হ’ব বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানা ‘Greens Zoological Rescue and Rehabilitation Kingdom’ ৷ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব এম কে দাসে কয়, ‘আমি সকলোৱে জানো যে বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি Statue of Unity গুজৰাটত অৱস্থিত ৷ ইয়াৰ পিছতেই বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু একেলগে থকা বিশ্বৰ সৰ্ববৃহৎ চিৰিয়াখানাটো অতিশীঘ্ৰে গুজৰাটৰ জামনগৰত স্থাপন কৰা হ’ব’ ৷
শুকুৰবাৰে ASSOCHAM ফাউণ্ডেচন সপ্তাহ উপলক্ষে এক ভাৰ্চুৱেল সভাত এই কথা সদৰি কৰে অতিৰিক্ত মুখ্য সচিব এম কে দাসে ৷ কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি এই মেগা চিৰিয়াখানা খন প্ৰায় 250.1 একৰ ভূমিত বিস্তৃত হ’ব ৷