নেশ্যনেল ডেস্ক, 16 জুলাই: আজি বিশ্ব সৰ্প দিৱস ৷ সমগ্ৰ বিশ্বতে বিভিন্ন প্ৰজাতিৰ সাপৰ বিষয়ে সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে এই সৰ্প দিৱস পালন কৰা হয় ৷ সাপৰ চিন্তাই সাধাৰণতে মানুহৰ মনত ভয় বা নেতিবাচক আৱেগৰ সৃষ্টি কৰিলেও আমি বাস কৰা পৰিৱেশৰ বাবে এইবিধ সৰীসৃপ অত্যন্ত অপৰিহাৰ্য ৷ ইংৰাজী শব্দ ‘snake’ আৰু পুৰণি ইংৰাজী শব্দ ‘snaca’ ৰ পৰা সৰ্পৰ নামকৰণ হৈছে ৷ আচলতে বহু সংস্কৃতিত সাপক পূজা কৰা হয় ৷ হিন্দু ধৰ্মত সাপক মোট সলোৱা স্বভাৱৰ বাবে শক্তিৰ সত্তা হিচাপে মনা হয় ৷ সাপ পুনৰ্জন্ম, মৃত্যু আৰু মৃত্যুক প্ৰতিনিধিত্ব কৰে বুলিও জনবিশ্বাস আছে ৷
সমগ্ৰ বিশ্বত প্ৰায় তিনিহেজাৰৰো অধিক সাপ পোৱা যায় ৷ ইয়াৰে ভিতৰত প্ৰায় 6 বিধ সাপে নিমিষতেই মানুহৰ প্ৰাণ লব পাৰে ৷ ইয়াৰ ভিতৰত 216 বিধ সাপ ভাৰতবর্ষত পোৱা যায় ৷ ভাৰতত উপলব্ধ 216 বিধৰ মাত্ৰ 52 বিধ সাপহে বিষাক্ত হিচাপে চিহ্নিত হৈছে ৷ খাদ্য শৃংখলৰ বাবে সাপ অতি প্ৰয়োজনীয় আৰু ভাৰসাম্য ৰক্ষা কৰাৰ লগতে সাপে কীট-পতংগ ভক্ষণ কৰাৰ লগতে খেতিৰ অনিষ্টকাৰী জীৱ ভক্ষণ কৰি খেতিয়কক সহায় কৰিছে ৷
ভাৰতবর্ষত উপলব্ধ বিষাক্ত সাপ সমূহৰ ভিতৰত চকৰী ফেঁটীসাপ, গুৱালা সাপ, নাগ-সাপ, ৰজা ফেঁটী, ৰাচেলছ ভাইপাৰ, বাঁকৰাজ, পিট ভাইপাৰ আদি অন্যতম ৷ ভাৰতত পোৱা বিষহীন সাপৰ ভিতৰত শ্বিল্ড টেইল সাপ, ভাৰতীয় শিল অজগৰ, সাধাৰণ বালি ব’ৱা, কুকুৰনেচীয়া সাপ, কিলবেক সাপ, পানীসাপ , ট্ৰিংকেট সাপ আদি অন্যতম ৷
গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি এটা সাপ আৰু লাঠিক পৰম্পৰাগতভাৱে নিৰাময় কলাৰ প্ৰতীক বুলি জনা যায় ৷ সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত 3500 ৰো অধিক প্ৰজাতিৰ সাপ আছে বুলি জনা যায় ৷