সুস্থ হৈ থাকিবলৈ ভাল টোপনি অতি প্ৰয়োজনীয় । স্বাস্থ্যসন্মত খাদ্য কেৱল ভাল জীৱনশৈলীৰ বাবেই প্ৰয়োজনীয় নহয়, তাৰ লগতে পৰ্যাপ্ত টোপনিৰো প্ৰয়োজন হয় । সুস্থ হৈ থাকিবলৈ আমাক টোপনিৰ অতি প্ৰয়োজন(World Sleep Day 2023)। গতিকে টোপনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আৰু টোপনিৰ সৈতে জড়িত সাধাৰণ সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰতি বছৰে মাৰ্চ মাহৰ তৃতীয়টো শুকুৰবাৰৰ দিনা বিশ্ব টোপনি বা নিদ্ৰা দিৱস হিচাপে পালন কৰা হয় ।
আজিকালি বহু লোক টোপনিৰ সৈতে জড়িত সমস্যাত ভুগিছে(Why World Sleep Day is celebrated )। সেয়ে বিশ্ব টোপনি দিৱস উপলক্ষে আজি আমি সেই কাৰণবোৰৰ আলোচনা কৰিম, যাৰ বাবে মানুহে অনিদ্ৰাৰ সমস্যাত ভুগে । ইয়াৰ লগতে সেই পদ্ধতিসমূহৰ বিষয়েও জানিব পাৰিব, যাৰ সহায়ত আপুনি শান্তিৰে টোপনি ল'ব পাৰিব । অনিদ্ৰাৰ আঁৰৰ কাৰণ বিশেষজ্ঞই বহুতো কাৰণৰ বিষয়ে উল্লেখ কৰে ৷
সুস্থ হৈ থাকিবলৈ ভাল টোপনিৰ প্ৰয়োজন
এই সন্দৰ্ভত বিশেষজ্ঞই কয় যে ভাল টোপনি সুস্থ জীৱনৰ মুলমন্ত্ৰ, কিন্তু বৰ্তমান ব্যস্ততাৰে ভৰা এই জীৱনত বহুলোক টোপনিৰ সমস্যাত ভুগিবলৈ ধৰিছে যাৰ ফলত টোপনিৰ সৈতে জড়িত এই সমস্যাসমূহ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে । টোপনিৰ গুৰুত্বও বিভিন্ন মানুহৰ বাবে বহুত বেলেগ । হতাশা অৱসাদত ভোগা ব্যক্তিৰ বাবে টোপনিয়ে তেওঁক তেওঁৰ অপৰ্যাপ্ততা, অক্ষমতাৰ কথা মনত পেলাই দিয়ে(How do we celebrate World Sleep Day) । একে সময়তে ভাৱনাত্মক দিশত আৱদ্ধ হৈ থকাৰ বাবে আৰামত শুবলৈ অসুবিধা হয় । এনে পৰিস্থিতিত পিছৰ দিনা ভাগৰুৱা অনুভৱ হয়, যাৰ ফলত কামত প্ৰভাৱ পৰে(Which day is called World Sleep Day?) ।